ফাঁচীৰ শাস্তি লাভ কৰা নিৰ্ভয়া কাণ্ডৰ ২ দোষীৰ কিউৰেটিভ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ…

ফাঁচীৰ শাস্তি লাভ কৰা নিৰ্ভয়া কাণ্ডৰ ২ দোষীৰ কিউৰেটিভ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ…

ডিজিটেল ডেস্কঃ দেশ জোকাৰি যোৱা নিৰ্ভয়া কাণ্ডৰ ৪ পাষণ্ডক উচ্চতম ন্যায়ালয়ে ইতিমধ্যে ফাঁচীৰ শাস্তি প্ৰদান কৰিছে। কিন্তু ন্যায়ালয়ৰ এই নিৰ্দেশত অসন্তুষ্টি ব্যক্ত কৰি ফাঁচী শাস্তিৰ পৰা ৰেহাই পোৱাৰ চেষ্টা অব্যাহত ৰাখিছে দোষী আৰু পৰিয়ালে। উচ্চতম ন্যায়ালয়ত শাস্তিৰ ৰেহাইৰ বাবে ২ দোষীয়ে দাখিল কৰা কিউৰেটিভ আবেদন মঙলবাৰে খাৰিজ কৰে ন্যায়ালয়ে। যাৰ পিছত ন্যায়ালয়ে প্ৰদান কৰা শাস্তি অনুসৰি অহা ২২ জানুৱাৰীত ফাঁচী প্ৰদান কৰা হ'ব নিৰ্ভয়া কাণ্ডৰ ৪ পাষণ্ডক।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছত নিৰ্ভয়া কাণ্ডৰ অন্যতম দোষী বিনয় শৰ্মা আৰু মুকেশে এই ৰায় সলনি কৰিবলৈ ন্যায়ালয়ত কিউৰেটিভ আবেদন দাখিল কৰিছিল। কিন্তু মঙলবাৰে এই আবেদন খাৰিজ কৰি কয় যে দোষীয়ে দাখিল কৰা আবেদনখনৰ কোনো ভিত্তি নাই। মঙলবাৰে সৰ্বোচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ এন বি ৰমানা, ন্যায়াধীশ অৰুণ মিশ্ৰ, ন্যায়াধীশ আৰ এফ নৰমিন, ন্যায়াধীশ আৰ বানুমতী আৰু ন্যায়াধীশ অশোক ভূষণৰ বিচাৰপীঠে ২ দোষীৰ আবেদন খাৰিজ কৰি পূৰ্বৰ ৰায় বাহাল ৰখাৰ নিৰ্দেশ দিয়ে।

ইফালে ন্যায়ালয়ে এই আবেদন খাৰিজ কৰাৰ পিছত দোষী বিনয় শৰ্মাৰ অধিবক্তাই এইবাৰ ৰাষ্ট্ৰপতিৰ ওচৰত দয়া আবেদন দাখিল কৰিব বুলি জানিবলৈ দিয়ে। আনহাতে উচ্চতম ন্যায়ালয়ে মঙলবাৰে প্ৰদান কৰা ৰায়ৰ পিছত নিৰ্ভয়াৰ মাতৃয়ে পুনৰ এবাৰ ন্যায়ালয়ক ধন্যবাদ জনায়। তেওঁ কয়, 'এই ন্যায়ৰ বাবে মই ৭ বছৰ অপেক্ষা কৰিব লগা হৈছে। ন্যায়ালয়ৰ ৰায়ে এতিয়া দেশবাসীৰ মনত আস্থা বৃদ্ধি কৰিছে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in