শেহতীয়া খবৰ
দেখা পালে কি হ’ব! সেয়ে ট্ৰাম্পৰ আগমণৰ পূৰ্বেই খালী কৰা হ’ল আহমেদাবাদৰ বস্তি অঞ্চল...  •  কন্যাৰ বিয়ালৈ প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ জনোৱা ৰিক্সা চালক মংগল কেৱটৰ অৱশেষত পূৰণ হ’ল সপোন...  •  ২৩ বছৰীয়া বিবাহ বাৰ্ষিকীত আবেগিক হৈ পৰিল প্ৰিয়ংকা, ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে ফটো...  •  দেহত নাই কোৰোনা ভাইৰাছ, আনন্দত নাচি উঠিল যুৱতীঃ চাওক VIDEO  •  ক্ৰিকেটৰ খেলপথাৰত নহয়, এইবাৰ ইনষ্টাগ্ৰামতো অভিলেখ বিৰাট কোহলীৰ...  •  ধাৰা ৩৭০ বাতিলৰ পিছত মোডীক সমালোচনা কৰা বৃটিছ সাংসদক বিমান বন্দৰতে আৱদ্ধ, উভতাই পঠিওৱা হ’ল ডুবাইলৈ  •  বিশিষ্ট চলচ্ছিত্ৰ প্ৰযোজক প্ৰাঞ্জল ভৰালী আৰু নাই...  •  পুৰণিগুদামৰ BKB মহাবিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাঃ উপস্থাপন হ'ল অভিজিৎ-নিলোৎপলৰ হত্যাকাণ্ড...  •  উৰণীয়া সেতুৰ পৰা বাগৰি পৰিল দ্ৰুতবেগী বাহন, নিহত ১, আহত ৫  •  বন্ধ হ’ব ভোডাফোন আইডিয়া...

ৰাষ্ট্ৰপতিৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা নিৰ্ভয়া কাণ্ডৰ দোষী মুকেশ সিঙৰ আবেদন খাৰিজ ন্যায়ালয়ৰ

12,486

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে ক্ষমাৰ আবেদন খাৰিজ কৰাৰ পিছত উচ্চতম ন্যায়ালয়ত ৰাষ্ট্ৰপতিৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই দাখিল কৰা নিৰ্ভয়া কাণ্ডৰ অন্যতম দোষী মুকেশ সিঙৰ আবেদন বুধবাৰে খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰ বানুমতি, ন্যায়াধীশ অশোক ভূষণ আৰু ন্যায়াধীশ এ এছ বোপান্নাৰ বিচাৰপীঠে এই ৰায় প্ৰদান কৰে।

উল্লেখ্য যে, ২০১২ চনত সংঘটিত নিৰ্ভয়া কাণ্ডৰ ৪ ঘাটকক মৃত্যুৰ শাস্তি প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। ন্যায়ালয়ৰ ৰায়ৰ পিছত দোষী মুকেশ সিঙে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ ওচৰত ক্ষমাৰ আবেদন দাখিল কৰে যদিও ৰাষ্ট্ৰপতিয়ে সেই আবেদন খাৰিজ কৰে। তাৰ পিছতে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে দোষী মুকেশ সিঙৰ অধিবক্তাই।

মঙলবাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰায়ে বুধবাৰলৈ ৰায় সংৰক্ষণ কৰি ৰাখিছিল। অহা ১ ফেব্ৰুৱাৰীৰ পুৱা ৬ বজাত ফাঁচী প্ৰদান কৰা হ’ব নিৰ্ভয়া কাণ্ডৰ ৪ ঘাটকক।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি