নিৰ্ভয়া কাণ্ডৰ ৪ দোষীৰ ৭ বছৰত কাৰাগাৰত উপাৰ্জন ১ লাখ ৩৭ হাজাৰ…

নিৰ্ভয়া কাণ্ডৰ ৪ দোষীৰ ৭ বছৰত কাৰাগাৰত উপাৰ্জন ১ লাখ ৩৭ হাজাৰ…

ডিজিটেল ডেস্কঃ নিৰ্ভয়া কাণ্ডৰ ৪ দোষীক ২২ জানুৱাৰীত ফাঁচী প্ৰদানৰ কথা আছিল যদিও শেহতীয়াকৈ বুধবাৰে দিল্লী উচ্চ ন্যায়ালয়ে সদৰী কৰিছে যে পূৰ্বে নিৰ্ধাৰিত সময়ত ফাঁচী প্ৰদান কৰা নহয় ৪ দোষীক। ইয়াৰ পৰিৱৰ্তে ডেথ ৱাৰেণ্টৰ নতুন তাৰিখক লৈ উচ্চ ন্যায়ালয়ে বিবেচনা কৰি আছে।

ইফালে বিগত ৭ বছৰে তিহাৰ জে'লত বন্দী হৈ থকা নিৰ্ভয়া কাণ্ডৰ ৪ দোষী ক্ৰমে মুকেশ সিং , বিনয় শৰ্মা, পবন গুপ্তা আৰু অক্ষয় কুমাৰ সিঙৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে ফাঁচীৰ ৰায় প্ৰদান কৰাৰ পিছতে কাৰাগাৰৰ ভিতৰত মৃত্যুৰ ক্ষণ গণি এক উদ্বিগ্ন আৰু অস্বস্তিৰ জীৱন কটাইছে দোষী কেইজনে। দোষীয়ে আদালতৰ ৰায়ৰ পুনৰ বিবেচনাৰ আবেদন দাখিল কৰিলেও বাৰাম্বাৰ এই আবেদন খাৰিজ কৰা হৈছে। আনহাতে দিল্লী চৰকাৰলৈ প্ৰেৰণ কৰা ক্ষমাৰ আবেদনো বুধবাৰে খাৰিজ কৰে উপ ৰাজ্যপাল অনিল বৈজলে।

কাৰাগাৰাত বন্দী থকা ৪ দোষীয়ে বিগত ৭ বছৰত কেইবাবাৰো কাৰাগাৰৰ নিয়ম উলংঘা কৰিছে। ইয়াৰে ভিতৰত সকোলতকৈ অধিক নিয়ম উলংঘা কৰিছে বিনয় শৰ্মাই। বিনয় শৰ্মাই কাৰাগাৰৰ ভিতৰত মুঠ ১১ বাৰ নিয়ম ভাঙিছে। ২৫ বছৰীয়া পবন গুপ্তাই ৮ বাৰ ভাঙিছে কাৰাগাৰৰ নিময়। ৩২ বছৰীয়া মুকেশ সিঙে ভাঙিছে ৩ বাৰ। আনহাতে ৩১ বছৰীয়া অক্ষয় সিঙে ৭ বছৰত কাৰাগাৰৰ নিয়ম ভাঙিছে এবাৰ। দোষী কেইজনে কাৰাগাৰৰ নিয়ম ভঙাৰ অপৰাধত শাস্তিও লাভ কৰিছে।

২০১২ চনৰ পৰা কাৰাগাৰাত বন্দী হৈ থকা নিৰ্ভয়া কাণ্ডৰ ৪ দোষীয়ে কাৰাগাৰৰ ভিতৰত কৰিবলগা হৈছে পৰিশ্ৰম। তাৰ বিনিময়ত সিহঁতে অৱশ্যে লাভ কৰিছে পাৰিশ্ৰমিক। অক্ষয়, পবন আৰু বিনয়ে ৭ বছৰত মুঠ ১,৩৭,০০০ টকা উপাৰ্জন কৰিছে। ইয়াৰে ৬৯ হাজাৰ টকা অকলেই উপাৰ্জন কৰিছে অক্ষয় সিঙে। পবনে উপাৰ্জন কৰিছে ২৯ হাজাৰ টকা আৰু বিনয়ে উপাৰ্জন কৰিছে ৩৭ হাজাৰ টকা। কিন্তু কাৰাগাৰৰ ভিতৰত পৰিশ্ৰম কৰিবলৈ ৰাজী নহয় মুকেশ সিং। যাৰ বাবে সি এটকাও পাৰিশ্ৰমিক লাভ কৰা নাই যোৱা ৭ বছৰত।

২০১৬ চনত নতুনকৈ পঢ়া শুনা আৰম্ভ কৰিছে ৪ কাৰাবন্দীয়ে। মুকেশ, পবন আৰু অক্ষয়ে দশম শ্ৰেণীত নামভৰ্তি কৰি কাৰাগাৰৰ পৰাই পৰীক্ষাত অৱতীৰ্ণ হয় যদিও কোনোজনেই পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰিলে। বিনয় শৰ্মাই স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰে। কিন্তু সিও শিক্ষা সম্পূৰ্ণ কৰাত ব্যৰ্থ হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in