ৰাষ্ট্ৰপতিৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই নিৰ্ভয়া কাণ্ডৰ দোষী বিনয় শৰ্মাই দাখিল কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ ২০১২ চনৰ ডিচেম্বৰত দিল্লীৰ চলন্ত বাছত সংঘটিত গণ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাত দোষী সাব্যস্ত হৈ মৃত্যুদণ্ডৰ শাস্তি লাভ কৰা বিনয় শৰ্মা, মুকেশ সিং, অক্ষয় ঠাকুৰ আৰু পবন গুপ্তাৰ ফাঁচী কেতিয়া হ'ব তাক লৈ অনিশ্চিয়তাৰ সৃষ্টি হৈছে। দুবাৰকৈ ন্যায়ালয়ে দোষীৰ ফাঁচী স্থগিত ৰখাৰ পিছত দোষীয়ে শিথিল আইনী ব্যৱস্থাৰ সুযোগ লৈ মৃত্যুদণ্ডৰ পৰা হাত সাৰি থকাৰ কৌশল ৰচিছে বুলি অভিযোগ তুলিছে নিৰ্ভয়াৰ পিতৃ-মাতৃৰ লগতে আন বহুতে।

শেহতীয়াকৈ দোষীৰ বিৰুদ্ধে নতুন ডেথ ৱাৰেণ্ট জাৰিৰ বাবে উচ্চতম ন্যায়ালয়ত নিৰ্ভয়াৰ পিতৃ-মাতৃয়ে দাখিল কৰা আবেদনৰ শুনানি চলি থকাৰ মাজতে আইনৰ সহায় লাভত পুনৰ এবাৰ ব্যৰ্থ হয় নিৰ্ভয়াকাণ্ডৰ অপৰাধী। ৰাষ্ট্ৰপতিয়ে ক্ষমাৰ আবেদন খাৰিজ কৰাৰ পিছত ৰাষ্ট্ৰপতিৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই দোষী বিনয় শৰ্মাই উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল আবেদন। এই আবেদনত দোষীজনে অভিযোগ তুলিছিল যে ৰাষ্ট্ৰপতিয়ে ফাইলৰ সকলো দলিল অধ্যয়ণ নকৰাকৈয়ে খাৰিজ কৰিছিল ক্ষমাৰ আবেদন।

ৰাষ্ট্ৰপতিৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই দোষী বিনয় শৰ্মাই দাখিল কৰা আবেদন শুকুৰবাৰে খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ আৰ বানুমতি, ন্যায়াধীশ অশোক ভূষণ আৰু ন্যায়াধীশ এ এছ বোপান্নাৰ বিচাৰপীঠে দোষীৰ আবেদন খাৰিজ কৰি কয় যে ন্যায়ালয়ে সকলো ফাইল ভালদৰে পৰ্যবেক্ষণ কৰি দোষীৰ আবেদন খাৰিজ কৰাৰ সিদ্ধান্ত লৈছে। আনহাতে আবেদনৰ সৈতে দোষী বিনয় শৰ্মাই ন্যায়ালয়ত দাখিল কৰা স্বাস্থ্যৰ প্ৰতিবেদন সন্দৰ্ভত ন্যায়ালয়ে কয় যে বিনয় শৰ্মা মানসিক আৰু শাৰিৰীকভাৱে সম্পূৰ্ণ সুস্থ হৈ আছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে নিৰ্ভয়া কাণ্ডৰ আন এজন দোষী মুকেশ সিঙৰ ক্ষমাৰ আবেদনো ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে খাৰিজ কৰিছিল। তাৰ পিছতে মুকেশ সিঙে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হয় যদিও দোষী মুকেশৰো আবেদন খাৰিজ কৰিছিল উচ্চতম ন্যায়ালয়ে। ইফালে নিৰ্ভয়া কাণ্ডৰ ৪ দোষীৰ ভিতৰত পবন গুপ্তাৰ বাহিৰে বাকী আটাই কেইজনৰে ক্ষমাৰ আবেদন খাৰিজ কৰিছে ৰাষ্ট্ৰপতিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in