ভাৰতলৈ অনা হ’ব নীৰৱ মোডীক, প্ৰত্যাৰ্পণৰ বাবে মঞ্জুৰি প্ৰদান লণ্ডনৰ ন্যায়ালয়ৰ…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ পঞ্জাৱ নেশ্যনেল বেংকৰ ধন কেলেংকাৰীৰ মুখ্য অভিযুক্ত নীৰৱ মোডীৰ আৱেদনক লৈ বৃহস্পতিবাৰে লণ্ডনৰ ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হয় য'ত তেওঁৰ এই আৱেদন নাকচ কৰা হৈছে। আদালতে ভাৰতলৈ নীৰৱ মোডীক প্ৰত্যাৰ্পণ কৰাক লৈ মঞ্জুৰি প্ৰদান কৰিছে। লগতে ন্যায়ালয়ে কয় যে ভাৰতৰ ন্যায়িক প্ৰক্ৰিয়া নিৰপেক্ষ।

ৱেষ্টমিনিষ্টৰ মেজিষ্ট্ৰেট ক'ৰ্টৰ ন্যায়াধীশ চেমুৱেল গৌজীয়ে কয় যে- এই কথা স্পষ্ট যে নীৰৱ মোডীয়ে ভাৰতক বহু প্ৰশ্নৰ উত্তৰ দিবলগীয়া আছে। তেওঁক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰিলে যে তেওঁ ন্যায় নাপাব সেই কথাৰ কোনো তথ্য লাভ কৰা হোৱা নাই। লগতে ন্যায়ালয়ে ভাৰতৰ জে'লৰ পৰিস্থিতিক লৈও সন্তুষ্টি প্ৰকাশ কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in