বিশিষ্ট অভিনেতা–পৰিচালক নিপন গোস্বামীক গুৰুজী যোগেশ শৰ্মা বঁটা প্ৰদান…

বিশিষ্ট অভিনেতা–পৰিচালক নিপন গোস্বামীক গুৰুজী যোগেশ শৰ্মা বঁটা প্ৰদান…

ডিজিটেল সংবাদ,নলবাৰী : অসম নাট্য সন্মিলনৰ টিহু শাখাৰ উদ্যোগত ২৩ জুলাইৰপৰা দুদিনীয়া কাৰ্যসূচীৰে গুৰুজী যোগেশ শৰ্মা সোঁৱৰণী সদৌ অসম একাংক নাট প্ৰতিযোগিতা অনুষ্ঠিত হয় । টিহুৰ মহাত্মা গান্ধী ভৱনত আয়োজিত অনুষ্ঠানত বিশিষ্ট অভিনেতা–পৰিচালক নিপন গোস্বামীক গুৰুজী যোগেশ শৰ্মা বঁটা প্ৰদান কৰা হয় । এই উপলক্ষে অসম নাট্য সন্মিলনৰ টিহু শাখাৰ সভাপতি ডঃ সুৰেশ চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত গুৰুজী যোগেশ শৰ্মা বঁটা প্ৰদান, স্মৃতিগ্ৰন্থ উন্মোচন আৰু একাংক নাট প্ৰতিযোগিতা উদ্বোধনী
সভা অনুষ্ঠিত হয় ।

এই অনুষ্ঠানত বিশিষ্ট অভিনেতা–পৰিচালক নিপন গোস্বামীক ফুলাম গামোচা, চেলেং, ফুলাম জাপি, কাহৰ জাপি, মানপত্ৰ আৰু নগদ ১০ হাজাৰ টকা আগবঢ়াই গুৰুজী যোগেশ শৰ্মা বঁটা প্ৰদান হয় । অসম নাট্য সন্মিলনৰ সহকাৰী সম্পাদক হিমাদ্ৰি শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসৰ লগতে অসম নাট্য সন্মিলনৰ প্ৰধান সম্পাদক গিৰিধৰ ৰয়, অসম নাট্য সন্মিলনৰ কাৰ্যনিৰ্বাহক সদস্য মানসজ্যোতি শৰ্মা, জনপ্ৰিয় নাট্যকৰ্মী কুমুদ ভট্টাচাৰ্য প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট লোকে অংশ লয় ।

অসম নাট্য সন্মিলনৰ তৰফৰপৰা বিশিষ্ট নাট্যকৰ্মী ভোগী বৰ্মনক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । সভাত নিতু শৰ্মাই সম্পাদনা কৰা 'ভাৱৰীয়া' উন্মোচন কৰে অসম নাট্য সন্মিলনৰ কাৰ্যকৰী সভাপতি মাণিক গোস্বামীয়ে । সভাৰ পূৰ্বে অঞ্চলটোৰ পাঁচগৰাকী নাট্য ব্যক্তিত্ব ক্ৰমে পৰীক্ষিত পাঠক, পুষ্পৰাম দাস, মোহন চন্দ্ৰ ডেকা, হৰগোৱিন্দ শৰ্মা আৰু দ্বিজেন শৰ্মালৈ স্মৃতি তৰ্পণ কৰা হয় । গুৰুজী যোগেশ শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজলন কৰে বিশিষ্ট চিত্ৰশিল্পী অবিনাশ মজুমদাৰে । নিশা অসম নাট্য সন্মিলনৰ প্ৰধান সম্পাদক গিৰীধৰ ৰয়ে মঞ্চ উদ্বোধন কৰাৰ পাচত টিহুত হৈ থকা নাট্যকৰ্মী হীৰকজ্যোতি দাস সোঁৱৰণী অসম নাট্য সন্মিলনৰ শিশুনাট কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীৰদ্বাৰা অভিনীত হীৰকজ্যোতি নাথ ৰচিত আৰু মুকুল ঈদিপাছ পৰিচালিত শিশুনাট প্ৰদৰ্শন কৰা হয় ।

পুৱাৰ ভাগত অসম নাট্য সন্মিলনৰ টিহু শাখাৰ সম্পাদক দিগন্ত শৰ্মাৰ পৰিচালনাত অসম নাট্য সন্মিলনৰ পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে অসম নাট্য সন্মিলনৰ টিহু শাখাৰ সভাপতি ডঃ সুৰেশ চন্দ্ৰ শৰ্মাই । ছহিদ তৰ্পণ কৰে টিহু মহকুমা আন্দোলনৰ আৰু আছুৰ সাংগঠনিক ছহিদ হিমাংশু তামুলীৰ পিতৃ তপন তামুলীয়ে আৰু মাল্যাৰ্পণ কৰে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই ।

ইয়াৰ পাছতে গুৰুজী যোগেশ শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি জ্বলায় মহাত্মা গান্ধী ভৱন সমিতিৰ সভাপতি সোমনাথ ডেকা আৰু মাল্যাৰ্পণ কৰে বিশিষ্ট অভিনেতা–পৰিচালক গোপাল গোস্বামীয়ে ।এইবেলিৰ এই নাট প্ৰতিযোগিতাত কলিয়াবৰৰ 'শিল্পচ'ৰা', ভালুকীৰ 'নৱদ্বীপ অসম, নলবাৰীৰ 'প্ৰজন্ম', জাগীৰোড মহাবিদ্যালয়ৰ 'নাটশালা', গুৱাহাটীৰ 'ডি কালচাৰেল একাডেমি', মঙলদৈৰ 'জেংৰাই অসম' আৰু অসম নাট্য সন্মিলন যুৱজ্যোতি সংঘৰ ফটাশিল শাখাই অংশ ল'ব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in