শেহতীয়া খবৰ
চিৰাঙত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক বাইক ৰেলী...  •  নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...  •  স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মথুৰাপুৰ চুকাফা পঞ্চায়তত শোভাযাত্ৰা...  •  হাৰমতী ডুবিত পথ দুৰ্ঘটনাঃ নিহত মটৰ চাইকেল আৰোহী...  •  অসুস্থ শৃংখল চলিহাঃ আই চি ইউত চিকিৎসাধীন...  •  ধেমাজি জিলা প্ৰশাসনৰ দ্বাৰা ত্ৰিৰংগ সমদল, চিত্ৰাংকন প্ৰতিযোগিতা...

বাৰ্মিংহামত বাজি উঠিল নিলোৎপল বৰাৰ ‘ক্যা খেলা ৰে…চাব্বাছ’ গীতটি…

ডিজিটেস ডেস্ক : বাৰ্মিংহামত বাজি উঠিল সংগীত পৰিচালক, সংগীত শিল্পী নিলোৎপল বৰাৰ পৰিচালিত গীত। ‘যাদুগৰ’ চিনেমাৰ ‘ক্যা খেলা ৰে…চাব্বাছ’ গীতটি  ভাৰতীয় দলৰ এনথেম (Anthem) হিচাপে বাজি উঠিল। গীতটিক এইদৰে কমনৱেলথ গেমছত টীম ইণ্ডিয়াৰ এনথেম হিচাপে বাজি উঠাত সুখী নিলোৎপল বৰা।

নিলোৎপল বৰাই ফেচবুকৰ জৰিয়তে অসম তথা দেশবাসীক জনালে এই সুখবাৰ্তা। লগতে লিখিলে “মই আনন্দিতৰ বাহিৰত। এইটো সঁচাকৈয়ে যিকোনো শিল্পীৰ বাবে এটা ডাঙৰ কথা। আমি কেতিয়াও কল্পনা কৰা নাছিলো যে আমাৰ গানটোৱে এই স্থান চুবগৈ। আমাৰ খেলুৱৈসকলে ইতিমধ্যে পৃথিৱীৰ অন্যতম বৃহৎ ক্ৰীড়া প্ৰতিযোগিতাত আমাক গৌৰৱান্বিত কৰি তুলিছে আৰু তেওঁলোকৰ যাত্ৰাৰ অংশ হোৱাৰ বাবে মোৰ হৃদয় গৌৰৱেৰে ফুলি উঠিছে। মই এইটো মোৰ সকলো ৰাইজক তেওঁলোকৰ সমৰ্থন আৰু উৎসাহৰ বাবে উৎসৰ্গিত কৰিছো। লগতে ভাৰতীয় দলটোক আন্তৰিক অভিনন্দন জনাইছো।“

আৰু পঢ়ক : ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ….