বৰপথাৰৰ নিলাভ বৰাৰ মিষ্টাৰ কিড ইণ্ডিয়া ইণ্টাৰনেচনেল ইউনিভাৰ্চ-২০১৯ খিতাপ অৰ্জন

বৰপথাৰৰ নিলাভ বৰাৰ মিষ্টাৰ কিড ইণ্ডিয়া ইণ্টাৰনেচনেল ইউনিভাৰ্চ-২০১৯ খিতাপ অৰ্জন

ডিজিটেল সংবাদ, সৰুপথাৰঃ ধনশিৰি মহকুমাৰ বৰপথাৰৰ নিলাভ বৰাই দেওবাৰে গুৱাহাটীৰ আই টি এ মাছখোৱাত গামোচা মেগা এন্টাৰটেইন্টমেন্ট প্ৰাইভেট লিমিটেডে আয়োজন কৰা ইণ্ডিয়া ইণ্টাৰনেচনেল ষ্টাৰ আইকন ছিজন-৩ত কিডচ্ কেটেগৰীত মিষ্টাৰ কিড ইণ্ডিয়া ইণ্টাৰনেচনেল ইউনিভাৰ্চ-২০১৯ৰ খিতাপ অৰ্জন কৰি সমগ্ৰ ৰাজ্যৰ লগতে ধনশিৰি মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। নিলাভ বৰা জ্যোতিৰঞ্জন বৰা আৰু চুমী ভৰালী বৰাৰ একমাত্ৰ পুত্ৰ।

প্ৰতিযোগিতাত ত্ৰিপুৰা, মণিপুৰ, পশ্চিম বংগ, ওড়িশা, নাগালেণ্ড আৰু অসমৰ মুঠ ১০০ৰো অধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে। ইফালে এই প্ৰতিযোগিতাৰ বিজয়ী নিলাভে পৰৱৰ্তী সময়ত ভাৰতৰ হৈ বেংককত অংশ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। শিক্ষাৰ সমান্তৰলাভৱে সাংস্কৃতিক চৰ্চাও অব্যাহত ৰখা নিলাভে টেলিভিছনত চায়েই গীত, মডেলিং আদি শিকিছিল বুলি জানিবলৈ দিয়ে পিতৃ-মাতৃয়ে। নিলাভ বৰপথাৰস্থিত অঞ্জলি বৰবৰা মেম'ৰিয়েল একাডেমীৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ। নিলাভৰ এই সফলতাক ধনশিৰি মহকুমাবাসী ৰাইজে আনন্দ প্ৰকাশ কৰাৰ লগতে নিলাভৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in