নিখিল ৰাভা জাতীয় পৰিষদৰ ৩৫ তম বাৰ্ষিক অধিৱেশনত সহস্ৰাধিক লোকৰ সমাগম, VIDEO

নিখিল ৰাভা জাতীয় পৰিষদৰ ৩৫ তম বাৰ্ষিক অধিৱেশনত সহস্ৰাধিক লোকৰ সমাগম, VIDEO

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ বলবলাৰ ৰংচাই ৰাজহুৱা খেলপথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা নিখিল ৰাভা জাতীয় পৰিষদৰ ৩৫ তম বাৰ্ষিক অধিৱেশনৰ প্ৰথম বাৰ্ষিক সাধাৰণ সভাৰ সফল সামৰণি পৰে৷ এক উৎসৱ মুখৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত অধিৱেশনস্থলীত ৰাভা জাতীয় সাজপাৰ পৰিধান কৰা হাজাৰ হাজাৰ ৰাইজৰ সমাগমে চৌপাশ ৰঙীন হৈ পৰে৷ নিখিল ৰাভা জাতীয় পৰিষদৰ অধিৱেশনত গোলাঘাট, তেজপুৰ, দৰং, ওদালগুৰি, কোকৰাঝাৰ, কামৰূপ, বঙাইগাওঁ আদি বিভিন্ন ঠাইৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে৷

সামৰণি অনুষ্ঠানত পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অধিৱেশনৰ অন্তিম কাৰ্যসূচীৰ মকুলি সভাত এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী প্ৰবক্তা ড৹ উপেন ৰাভা হাকাচামে৷ মকুলি সভাত ৰাভা জনগোষ্ঠীৰ লোকসকলে কেনেদৰে বিকাশ আৰু উন্নয়ণৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰি তথা সামাজিক ক্ষেত্ৰত কিদৰে ৰীতি নীতিৰ জৰিয়তে শিক্ষা ব্যৱস্থাক উন্নয়ণ কৰিব পাৰি সেই সন্দৰ্ভত কেইবাগৰাকী বিশিষ্ট লোকে ভাষণ প্ৰদান কৰে৷

আনহাতে মকুলি সভাত মুখ্য অতিথি হিচাপে ৰাভা হাছং পৰিষদৰ কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, দুধনৈ কলেজৰ অধ্যক্ষ ড৹ ললিত কুমাৰ ৰাভা, বিকালী কলেজৰ অধ্যক্ষ ড৹ মলিনা দেৱী ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ৰমেন সিং ৰাভা, নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী হিমা ৰাভা, গোৱালপাৰা জিলা পৰিষদৰ সভানেত্ৰী ডেমজিয়া মাৰাক আদিৰ লগতে কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে৷ ইয়াৰ উপৰিও ৰাভা ছাথাৰ নৃত্য আৰু ৰাভা লোক বাদ্যযন্ত্ৰ প্ৰদৰ্শন কৰা হয়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in