শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

ইটানগৰত শনিবাৰৰ পৰা বলবৎ কৰা হ’ব নৈশ সান্ধ্য আইন…

521

ডিজিটেল সংবাদ, ইটানগৰ: অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত শনিবাৰৰ পৰা নৈশ সান্ধ্য আইন বলৱৎ কৰা হ’ব। শুকুৰবাৰে এক সংবাদমেলত ইটানগৰ কেপিটেল কমপ্লেক্স জিলাৰ উপায়ুক্ত টালো পটমে এই কথা জানিবলৈ দিয়ে। শনিবাৰৰ পৰা নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ দৈনিক নৈশ সান্ধ্য আইন বাহাল থাকিব।

উল্লেখ্য যে, কভিডৰ দ্বিতীয়টো অভ্যুত্থানত বাৰুকৈয়ে আক্ৰান্ত হৈছে অৰুণাচল প্ৰদেশৰ কেইবাখনো জিলা। তিনিদিনৰ পূৰ্বতেই ল’ৱাৰ ডিবাং ভেলি জিলাৰ ৰয়িঙত ল’কডাউন ঘোষণা কৰা হৈছিল। কিন্তু যোৱা বুধবাৰে নিশা কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ইটানগৰৰ জয়ন্ত পাল নামৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক এজনৰ মৃত্যু হয় ।

বিগত এসপ্তাহত অৰুণাচল প্ৰদেশত কোভিডত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। যোৱা শনিবাৰৰ পৰা অৰুণাচল প্ৰদেশত ৭৩৬ জন লোক নতুনকৈ কোৰোণাত আক্ৰান্ত হৈছে। এই সময়ত অৰুণাচল প্ৰদেশত মুঠ কৰোণা আক্ৰান্তৰ সংখ্যা হৈছে ১১১২ জন। ৰাজধানী ইটানগৰত সৰ্বাধিক ৩৭০ জন আৰু ল’ৱাৰ ডিবাং ভেলি জিলাত ২৮৬ জন কোৰোনা ৰোগী ধৰা কৰিছে।

তাৎপৰ্যপূৰ্ণ কথা এয়ে যে, অৰুণাচল প্ৰদেশত বৃহৎ সংখ্যক লোক কোৰোণাত আক্ৰান্ত হৈছে যদিও ইয়াৰে মাত্ৰ ১৬৪ জনক কোভিড চেন্টাৰত ভৰ্তি কৰোৱা হৈছে আৰু ৯৪৮ জনক ঘৰতে আছুতীয়াকৈ থাকিবলৈ দিছে। ইপিনে অৰুণাচল প্ৰদেশৰ বাবে ১৮ ৰ পৰা ৪৪ বছৰৰ লোক সকলক কোভিড ভেকচিন দিয়াৰ বাবে এতিয়ালৈকে কোনো ভেকচিন লাভ কৰা নাই ৰাজ্যৰ স্বাস্থ্য বিভাগে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি