৭ মে’লৈকে ৰাজ্যত বৃদ্ধি নৈশ সান্ধ্য আইনৰ সময়সীমা…

৭ মে’লৈকে ৰাজ্যত বৃদ্ধি নৈশ সান্ধ্য আইনৰ সময়সীমা…
  • অসমত নৈশ সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি।
  • বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে বৃদ্ধি কৰা হ'ল নৈশ সান্ধ্য আইনৰ সময়সীমা।
  • কোভিডৰ সংক্ৰমণ প্ৰতিদিনাই বৃদ্ধি পোৱাৰ বাবে বৃদ্ধি কৰা হৈছে সময়সীমা।
  • ৭ মে'লৈকে জাৰি থাকিব অসমত নৈশ সান্ধ্য আইন।
  • নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ জাৰি থাকিব এই আইন।
  • ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক।
  • সামাজিক দূৰত্ব মানি চলিব লাগিব।
  • বিবাহ ভৱনত ৫০ শতাংশ লোকহে উপস্থিত থাকিব পাৰিব।
  • ব্যক্তিগত কোনো অনুষ্ঠানত ১০০জনতকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব।
  • অন্ত্যেষ্টিক্ৰিয়া বা শেষকৃত সম্পন্ন কৰিবলৈ ২০জন লোকহে উপস্থিত থাকিব পাৰিব।
  • মন্দিৰ বা মছজিদত প্ৰতি ঘন্টাত ২০জন লোকহে উপস্থিত থাকিব পাৰিব।
  • সকলো বজাৰ সমাৰ, ছুপাৰ মাৰ্কেট, মল সাপ্তাহিক বজাৰ আদি সন্ধিয়া ৬ বজাত বন্ধ কৰিব লাগিব।
  • সন্ধিয়া ৬ বজালৈকেহে ই-কমাৰ্চ সেৱা চলি থাকিব।
  • ফাৰ্মাচী, ভেটেনাৰী ক্লিনিক আদিৰ ক্ষেত্ৰত কোনো বাধা নাথাকিব।
  • ৫০ শতাংশ লোকেহে কাৰ্যালয়ত উপস্থিত থাকি কৰ্ম সম্পাদন কৰিব পাৰিব।
  • অৱশ্যে এই নিয়ম নিৰ্বাচনী কাৰ্য, ইমাৰ্জেন্সী ছাৰ্ভিচৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব।
  • গৰ্ভৱতী মহিলা ববা ৫ বছৰৰ তলৰ সন্তান থকা মহিলাসকলে ৱৰ্ক ফ'ৰ্ম হোম কৰিব পাৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in