প্ৰিয়ংকাৰ বাবে নহয়, জোতাৰ বাবে নিকে দিব ৭৪ কোটি টকা

প্ৰিয়ংকাৰ বাবে নহয়, জোতাৰ বাবে নিকে দিব ৭৪ কোটি টকা

ডিজিটেল ডেস্কঃ অসম পৰ্যটনৰ বেণ্ড এম্বেচাদৰ প্ৰিয়ংকা চোপ্ৰা বিয়াৰ দিন চমু চাপিছে। খবৰ অনুসৰি ২ ডিচেম্বৰত সম্পন্ন হব প্ৰিয়ংকা নিকৰ বিয়া। ৩ দিনীয়াকৈ অনুষ্ঠিত হবলগীয়া বিবাহৰ ভিন্ন অনুষ্ঠানৰ বাবে যোধপুৰস্থিত ওমেদ পেলেচ ইতিমধ্য বুকিং কৰিছে প্ৰিয়ংকা নিকে।

বিয়াৰ দিন চমু চপাৰ লগে লগে প্ৰিয়ংকা-নিকৰ লগতে ব্যস্ততা বাঢ়িছে আত্মীয় স্বজনৰো। কোনে কি সাজ পিন্ধিব, কি অনুষ্ঠান পৰিৱেশন কৰিব আদি বিষয়ক লৈ এতিয়া চৰ্চা প্ৰিয়ংকা নিকৰ পৰিয়ালত। ইয়াৰ মাজতে প্ৰিয়ংকাৰ অভিনেত্ৰী ভগ্নী পৰিনীতিয়ে বায়েকৰ বিয়াত নিমিষতে উৰ্পাজন কৰিব ৭৪ কোটি টকা।

বিয়াৰ এক পৰম্পৰা অনুসৰি কইনাঘৰত দৰা উপস্থিত হোৱাৰ লগে লগে দৰাই পিন্ধি অহা জোতা বা চেণ্ডেল চুৰ কৰি কইনাঘৰীয়াই ভিন্ন দাবী ৰাখে দৰাঘৰীয়াৰ সন্মুখত। ঠিক তেনেদৰেই পৰিনীতিয়েও নিকৰ জোতা চুৰ কৰি নিকক দাবী কৰিব ৩৭ কোটি টকা।এই কথা পৰিনীতিয়ে এক সাক্ষাৎকাৰত ৰাজহুৱা কৰিছে।

এই বৃহৎ ধনৰাশি দাবী কৰাৰ কথা নিককো কৈছে পৰিনীতিয়ে। পিছে নিকে মৰমৰ খুলশালী পৰিনীতিক চুৰি জোতাৰ বিনিময়ত ৩৭ নহয় ৭৪ কোটি দিয়াৰ প্ৰতিশ্ৰুতি দিছে। উল্লেখ্য যে, হলিউদৰ অভিনেতা,গায়ক নিক জৌনাছৰ বাৰ্ষিক আয় প্ৰায় ১৭১ কোটি টকা। সমুহীয়াভাৱে চালে প্ৰিয়ংকা আৰু নিকৰ বাৰ্ষিক আয় হবলৈ প্ৰায় ২৩৫ কোটি টকা।তেনে পৰিপ্ৰেক্ষিতত নিকে নিজৰ প্ৰতিশ্ৰুতি ৰাখিব বুলিও মন্তব্য কৰে পৰিনীতিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in