সুলেখিকা নিবেদিতা লাগাচুৰ ‘নিসংগতা ইত্যাদি’ উন্মোচন…

সুলেখিকা নিবেদিতা লাগাচুৰ ‘নিসংগতা ইত্যাদি’ উন্মোচন…

ডিজিটেল সংবাদ, ঢকুৱাখনা: বিশিষ্টা  গল্পকাৰ, প্ৰবন্ধকাৰ অসমীয়া কাব্য সাহিত্যৰ সুপৰিচিত লেখিকা নিবেদিতা লাগাচুৰ সৃজনীশীলতাৰ  অন্যতম চানেকি "নিসংগতা ইত্যাদি" শীৰ্ষক এক প্ৰবন্ধ সংকলন দেওবাৰে শুভ উন্মোচন কৰা হয় লখিমপুৰত। উদীয়মান সংবাদসেৱী শৈলেন বৰুৱাই  মুঠ ২৪ টা প্ৰবন্ধ সমৃদ্ধ ১২২ পৃষ্ঠাৰ প্ৰবন্ধ সংকলনখন সুলেখিকা গৰাকীৰ লখিমপুৰৰ বুৰালগুৰিস্থিত নিজা বাসগৃহত গৰিষ্ঠ সংখ্যক সাহিত্য অনুৰাগীৰ উপস্থিতিত উন্মোচন কৰি উন্মোচক সাংবাদিক শৈলেন বৰুৱাই প্ৰাঞ্জল ভাষাৰে হৃদয়স্পৰ্শী শব্দ গাঁথনিৰে সহজবোধ্য লেখনিৰ বাবে পাঠক সমাজৰ মাজত সুপৰিচিত নিবেদিতা লাগাচুৱে গ্ৰন্থ সমালোচক সকলৰ পৰা যথোচিত সমালোচনা আৰু কাব্যিক স্বীকৃতি লাভ নকৰা বুলি আক্ষেপ প্রকাশ কৰে।

এগৰাকী  সফল লেখক হোৱাৰ আগতে এগৰাকী খুব ভাল পাঠক হ'ব লাগিব বুলি কৈ উন্মোচক বৰুৱাই  এগৰাকী অধ্যয়নশীল পাঠক হ'ব নোৱাৰিলে এগৰাকী সফল লেখক  হোৱাটো অসম্ভৱ বুলি  ব্যক্ত কৰি লাগাচুৰ সুখ পাঠ্য লেখনিত তেঁওৰ প্ৰচুৰ অধ্যয়নশীলতা  প্ৰকাশ পাই বুলি কয়। গুৱাহাটীৰ প্ৰতিষ্ঠিত প্ৰকাশক " ইমেজ গ্ৰাফিক এডভাৰ্টাইজিং এণ্ড পাব্লিছিং"ত মুদ্ৰিত "নিসংগতা ইত্যাদি"ৰ প্ৰকাশক লেখিকা গৰাকীৰ কণিষ্ঠ পুত্ৰ , অসম অসামৰিক সেৱাৰ  প্ৰশাসনিক বিষয়া স্বৰাজ ভাৰত ( আপ্পু ) । ঈশ্বৰ প্ৰসন্ন কোচৰ দৃষ্টিনন্দন প্ৰচ্ছদ সজ্জাই  মনোগ্ৰাহী কৰি তোলা গ্ৰন্থখনৰ উন্মোচনী সভাত  সাহিত্য কৰ্মী  নৃপেন ফুকন ,  নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অৱসৰী শিক্ষাবিদ  অমৃত ভূঞা ,  দণ্ডী তামুলী ফুকন ,  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাত্বত বিভাগৰ অবসৰী অধ্যাপক  ডঃ কমলা বৰগোঁহাই ,  মৰাণ মহাবিদ্যালয়ৰ অবসৰী অধ্যাপক , কথা সাহিত্যিক ডঃ মামণি গগৈ বৰগোহাঞি,ডাঃ ঘন কান্ত লাগাচু  আদি উপস্থিত থাকি শুভেচ্ছা মূলক বক্তব্য ৰাখে ।

ইতিমধ্যে প্ৰেম বিষাদ ইত্যাদি (২০০৪ ) , কথকতা(২০১০ ) , সোণৰ খনি ৰূপৰ পাহাৰ( ২০১৩ ) আহাঁ বৰষুণত তিটো (২০১০ ) , আদি  গ্ৰন্থৰে অসমৰ কাব্য জগতত সুপৰিচিতি লাভ কৰা লাগাচুৱে "আহাঁ বৰষুণত তিতো " শীৰ্ষক গ্ৰন্থখনৰ বাবে ২০১৩ বৰ্ষত অসম  সাহিত্য সভাৰ ২০১১ চনৰ " বাসন্তী বৰদলৈ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ।  কণমানি জোহান জোনাক লাগাচু কৃষ্ণস্তুতিৰে  শুভাৰম্ভ হোৱা উন্মোচনী সভাত "নিবেদিতা লাগাচুৰ সাহিত্য কৰ্ম " সন্দৰ্ভত বক্তৱ্য আগবঢ়াই প্ৰবীণ  শিক্ষাবিদ ডঃ মামণি গগৈ লাগাচুৱে ঘৰুৱা প্ৰতিবন্ধকতা নেওচি  ব্যতিক্ৰমী আৰু চহকী সাহিত্য চৰ্চাৰে উজ্জীৱিত হৈ অহা নিবেদিতাৰ লেখনিত প্ৰচুৰ অধ্যনশীলতা প্ৰকাশ পায় বুলি কৈ লেখিকা গৰাকীৰ ইতিমধ্যে প্ৰকাশিত বহুকেইখন সুখপাঠ্য গ্ৰন্থই সমালোচক আৰু বিদ্যৎ সমাজৰ যথোচিত স্বীকৃতি নোপোৱা বুলি আক্ষেপ ব্যক্ত কৰে। সীমা ৰাণী চেতিয়া , কণমানি বৰ্ণিল বৰা , কাশ্যপি তনয়া গগৈৰ শ্ৰুতিমধুৰ গীতেৰে জীপাল কৰি তোলা  উন্মোচনী সভাত  লেখিকা গৰাকীৰ ৫৮ সংখ্যক জন্ম দিনৰ এটা" কে'ক" কাটি  শুভেচ্ছা  প্ৰদানেৰে  দীৰ্ঘায়ু কামনা কৰে উপস্থিত গুণগ্ৰাহী সকলে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in