নিবাৰণ বৰাৰ স্মৃতি সংকটতঃ ২৫ অক্টোবৰত গুৱাহাটী প্ৰেছ ক্লাবত বিশেষ সভা..

নিবাৰণ বৰাৰ স্মৃতি সংকটতঃ ২৫ অক্টোবৰত গুৱাহাটী প্ৰেছ ক্লাবত বিশেষ সভা..

ডিজিটেল ডেস্কঃনিবাৰণ বৰা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আগন্তুক ২৫ অক্টোবৰ সোমবাৰে পুৱা ১০-৩০ বজাত গুৱাহাটী প্ৰেছ ক্লাৱত নিবাৰণ বৰাৰ অসমৰ স্মৃতি সংকটত শীৰ্ষক বিষয়ৰ ওপৰত এক সভা অনুষ্ঠিত কৰা হৈছে। পূৰ্ব্বাঞ্চলীয় লোক পৰিষদ চমুকৈ পি এল পি নামৰ দলটো বৰ্তমান একাংশ দুষ্কৃতিকাৰীৰ চৰণীয়া পথাৰত পৰিণত হোৱাৰ অভিযোগ তুলি এই সভা আহ্বান কৰা হৈছে।

নিৰ্দিষ্ট সময়ৰ ভিতৰত পূৰ্ব্বাঞ্চলীয় লোক পৰিষদ দলটো পঞ্জীয়ন নোহোৱাৰ বিষয়টোক কেন্দ্ৰ কৰি ২০০৩ চনত এক বিতৰ্কৰ সূচনা হোৱাৰ পাছত দেশৰ নিৰ্বাচনী আয়োগে কেইবাবাৰো শুনানী গ্ৰহণ কৰি অৱশেষত অসমত এই দলটোক ফ্ৰিজ কৰি দিয়া হৈছিল। সেই সময়ৰ পৰাই এই দলটো অস্তিত্বহীন হৈ পৰিছিল।

কিন্তু একাংশ দুষ্কৃতিকাৰীয়ে এতিয়া ইয়াৰে সুযোগ গ্ৰহণ কৰি পি এল পি আৰু নিবাৰণ বৰাৰ নামত বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠান আৰু কৰ্মচাৰীৰ পৰা জধে মধে ধন সংগ্ৰহৰে ফ্ৰিজ কৰি থোৱা দলটোক বদনামী কৰি পি এল পিৰ প্ৰতি থকা মানুহৰ পূৰ্বৰ শ্ৰদ্ধাৰ ভাবৰ পৰিৱৰ্তে লাহে লাহে ঘৃণাৰ ভাবৰ সৃষ্টি কৰিছিল বুলি দাবী কৰিছিল। সেই সময়ছোৱাত এই দুষ্কৃতিকাৰীসকলৰ বিৰুদ্ধে বাতৰি কাকতত নিবাৰণ বৰাৰ গুণমুগ্ধসকলে বিবৃতি প্ৰদান কৰি থানাত এজাহাৰ দাখিল কৰিছিল আৰু বিষয়টো তল পৰিছিল।

সম্প্ৰতি পুনৰ তেনে এক চক্ৰ সক্ৰিয় হৈ উঠিছে বুলি এক বিবৃতিত প্ৰকাশ কৰিছে নিবাৰণ বৰা স্মৃতি ৰক্ষা সমিতিয়ে। বিবৃতিত প্ৰকাশ কৰা অনুসৰি এটা চক্ৰই পি এল পিৰ নামত বাতৰি কাকতত বিবৃতি প্ৰকাশ কৰি ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। এই চক্ৰটোৱে যোৱা ৮ ছেপ্টেম্বৰ ২০২১ তাৰিখে এখন সভা অনুষ্ঠিত কৰা দেখুৱাই পি এল পিৰ নামত এখন সমিতিও গঠন কৰিছে।

এইসকলৰ ভিতৰত ৰাষ্ট্ৰীয় জনতা দল আৰু অল ইণ্ডিয়া ফৰোৱাৰ্ড ব্লক নামৰ ৰাজনৈতিক দল দুটাৰ লগত জড়িত থকা লোকো থকা বুলি জানিব পৰা গৈছে। তাৰে এজনে বিগত বিধানসভা নিৰ্বাচনত ফৰোৱাৰ্ড ব্লকৰ হৈ পূৱ-গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতাও কৰিছিল।

আনহাতে পি এল পিৰ নামত এই চক্ৰটোৱে হিন্দুত্ববাদক সমৰ্থন কৰা, বিজেপি আৰু আৰ এছ এছক সমৰ্থনত বিবৃতি দিয়া, বিজেপিয়ে কোন সমষ্টিত কাক প্ৰাৰ্থীত্ব দলে ভাল হ'ব ইত্যাদি ধৰণৰ পৰামৰ্শমূলক কথাত অংশগ্ৰহণ কৰি জাতীয় স্বাভিমানৰ প্ৰতীক নিবাৰণ বৰাক বাৰে বাৰে হত্যা কৰা হ'ব বুলি হৈছে।

এনে প্ৰেক্ষাপটত জাতীয় স্বাৰ্থৰ হকে আজীৱন সংগ্ৰাম কৰা নিবাৰণ বৰাৰ অমৰ স্মৃতি পি এল পিৰ আদৰ্শক ৰক্ষণাবেক্ষণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা হাতত লোৱাৰ উদ্দেশ্যৰে এই সভা আহ্বান কৰা হৈছে। নিবাৰণ বৰা আৰু অসম তথা উত্তৰ-পূৱক ভাল পোৱা প্ৰতিজন ব্যক্তিকে এই সভালৈ নিমন্ত্ৰণ জনাইছে স্মৃতি ৰক্ষা সমিতিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in