প্ৰাক্তন কংগ্ৰেছ নেতাৰ পু্ত্ৰ-বোৱাৰীক আই এছ আই এছৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত জেৰা..

প্ৰাক্তন কংগ্ৰেছ নেতাৰ পু্ত্ৰ-বোৱাৰীক আই এছ আই এছৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত জেৰা..

ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ পূৰ্বৰ কংগ্ৰেছ নেতা প্ৰয়াত বি এম ইডিনব্বাৰ বাসগৃহত বুধাবাৰে অভিযান চলাই ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ এটা ২০ জনীয়া দলে। এন আই য়ে বি এম ইডিনব্বাৰ পুত্ৰ বি এম বাছা আৰু বোৱাৰীয়ে ইছলামিক ষ্টেট সন্ত্ৰাসবাদী গোটৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ এক অভিযোগত এই অভিযান চলাই।

খবৰ অনুসৰি ২০ জনীয়া এন আই এৰ দলটোৱে দুয়োজনকে বাসগৃহত জেৰা চলাই। পূৰ্বৰ কংগ্ৰেছ নেতা গৰাকীৰ পুত্ৰ বাছা আৰু তেওঁৰ পৰিয়াল বৰ্তমান মংগালুৰুৰ মস্তিকাতেৰ উল্লালত বাস কৰে। জানিব পৰা মতে এন আই এয়ে বুধাবাৰে পুৱাৰে পৰা জন্মু কাশ্মীৰৰ তিনিটা, বেংগালুৰু আৰু মাংগালুৰুৰ এটা স্থানত অভিযান চলাইছে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বুধবাৰে ৰাতিপুৱা অহা বেংগালুৰু বিষয়াসকলে বাছা আৰু তেওঁৰ পত্নীক পুৱাৰে পৰা জেৰা কৰিছে। ইয়াৰ উপৰিও আৰক্ষী সূত্ৰত প্ৰকাশ পোৱা অনুসৰি সন্ত্ৰাসবাদী সংগঠন আই এছ আই এছৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগ আৰু সন্দেহত এই অভিযান চলোৱা হৈছে।

অভিযোগ অনুসৰি কেইবাবছৰ পূৰ্বে কেৰালাৰ পৰা নিৰুদ্দেশ হোৱা বাছাৰ জীয়েকে আই এছ আই এছত যোগদান কৰিছে।বাছা এগৰাকী ৰিয়েল ইষ্টেটৰ ব্যৱসায়ী। তেওঁৰ দুগৰাকী পুত্ৰ বিদেশত বাস কৰে। বাছাৰ পৰিয়ালে আই এছ আই এছৰ সৈতে সম্পৰ্কিত ইউটিউব চেনেলসমূহ অনুসৰণ কৰিছিল আৰু সেই সংগঠনৰ প্ৰতি তেওঁলোকৰ পৰিয়ালটোৰ সহানুভূতি আছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in