শেহতীয়া খবৰ
১ লাখ ২ হাজাৰ ৪৬২ জন লোকৰ নাম অন্তৰ্ভূক্তিৰে প্ৰকাশ পালে এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা, সবিশেষ খবৰ...  •  মুজাফ্ফৰপুৰত একিউট এনকেফেলাইটিছ ছিণ্ড্ৰমত আক্ৰান্ত হৈ মৃত্যু হোৱা শিশুৰ সংখ্যা ১৩২ জনলৈ বৃদ্ধি  •  এছ ইউ ভি বাহনে মহতিয়াই নিলে পদপথত শুই থকা লোকক, নিহত ৩ শিশুসহ ৪জন  •  পথ দুৰ্ঘটনাত মন্ত্ৰী পুত্ৰসহ নিহত ৩  •  শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি তুংগত  •  কিছু সময়ৰ পিছতে প্ৰকাশ পাব এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা  •  মন্ত্ৰী নৱ দলেৰ গৃহ পঞ্চায়তত কৃষি বান্ধৰ দুৰ্নীতি, ২০ লাখৰ ঠাইত খৰচ নকৰিলে ১০ হাজাৰো, কাম নকৰাকৈয়ে সৰকালে ৮.৮০ লাখ টকা  •  ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ উদ্যােগত ৰোগীৰ অধিকাৰ দিৱস উদযাপন  •  ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ সন্মুখত শিৰণত আয়োজক দেশ ইংলেণ্ড  •  পৰস্ত্ৰীৰ অশ্লীল ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি ৰঙাঘৰত সোমাল বদৰপুৰৰ সেনা জোৱান

আলফা স্বাধীনৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ প্ৰথমটো ৰায়দান নিয়াৰ আদালতৰ…

141

ডিজিটেল ডেস্কঃ আলফা স্বাধীনৰ সদস্যৰ বিৰুদ্ধে নিয়াই ৰুজু কৰা গোচৰৰ প্ৰথমটো ৰায়দান দিলে বুধবাৰে। এই গোচৰত আলফা স্বাধীনৰ সদস্য গগন হাজৰিকাক নিয়াৰ আদালতে ৬ বছৰৰ কাৰাদণ্ড বিহে। ২০১৭ চনত গগন হাজৰিকাক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। ধনদাবী আৰু ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচাৰ অভিযোগত এই গোচৰত পৰেশ বৰুৱা আৰু অভিজিত অসমৰ বিৰুদ্ধেও অভিযোগনামা দাখিল কৰা হৈছিল।

নিয়ায়ে আলফা স্বাধীনৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ প্ৰথমটো ৰায়দানত অবৈধ মৰাণাস্ত্ৰ সৰবৰাহ কৰাৰ অপৰাধতো অভিযুক্ত কৰিছিল আলফা স্বাধীনৰ সদস্যগৰাকীক। ৬ বছৰ কাৰাদণ্ড বিহাৰ লগতে ১৫ হাজাৰ টকা জৰিমণা বিহিছে নিয়াৰ বিশেষ আদালতে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি