নিশাৰ সান্ধ্য আইনৰ সুযোগ লৈ NHPC অভিমুখে যন্ত্ৰাংশ ভৰ্তি ট্ৰাকঃ দল-সংগঠনৰ প্ৰতিবাদ…

নিশাৰ সান্ধ্য আইনৰ সুযোগ লৈ NHPC অভিমুখে যন্ত্ৰাংশ ভৰ্তি ট্ৰাকঃ দল-সংগঠনৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদকো ভেঙুচালি চৰকাৰ-NHPC কৰ্তৃপক্ষৰ । নিশাৰ সান্ধ্য আইনৰ সুযোগ লৈ NHPC অভিমুখে লৈ গ'ল যন্ত্ৰাংশ ভৰ্ত্তি ট্ৰাক । আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনিৰ মাজেৰে NHPC অভিমুখে লৈ যোৱা হ'ল সামগ্ৰী ভৰ্ত্তি ৯০ চকীয়া ট্ৰাক ।

লখিমপুৰ জিলাৰ ধলপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছিল আছু সহ দল-সংগঠনে । অৱৰোধ কৰিছিল NHPC ৰ সামগ্ৰী ভৰ্ত্তি ট্ৰাক খন । NHPC গ'বেক,কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ,অসম চৰকাৰ হায় হায়,সৰ্বানন্দ সোনোৱাল হুচিয়াৰ,বিজেপি গ'বেগ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল দল-সংগঠনৰ নেতা-কৰ্মী সকলে ।

উক্ত প্ৰতিবাদ স্থলীৰ পৰাই কুৰি গৰাকীৰো অধিক আছু,কৃষক মুক্তি,একত্ৰিত যুৱ পৰিষদৰ নেতা-কৰ্মীক আটক কৰে আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়ত নিশাৰ সান্ধ্য আইনৰ সুযোগ লৈ আৰক্ষীৰ কঠোৰ নিৰাপত্তা বেষ্টনিৰ মাজেৰে গেৰুকামুখ অভিমুখে হেলাৰঙে লৈ যায় NHPC ৰ যন্ত্ৰাংশ ভৰ্তি ট্ৰাক ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in