তীব্ৰৰ পৰা তীব্ৰতৰ হ’ব বৃহৎ নদীবান্ধ বিৰোধী আন্দোলনঃ AJYCP

তীব্ৰৰ পৰা তীব্ৰতৰ হ’ব বৃহৎ নদীবান্ধ বিৰোধী আন্দোলনঃ AJYCP

ডিজিটেল সংবাদ,নাৰায়ণপুৰ: এমাহৰ ভিতৰত লখিমপুৰ,ধেমাজি আৰু মাজুলী জিলাৰ লক্ষ্যাধিক লোকক লগত লৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সন্মুখত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ অন্যতম আঞ্চলিক নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত শুকুৰবাৰে অনুষ্ঠিত এখন বিশেষ সভাত অংশগ্ৰহণ কৰিবলৈ আহি সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক সৌৰভ দাসে।

 অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জাতিৰ স্বাৰ্থত কেতিয়াও আপোচ নকৰে বুলি মন্তব্য কৰি বৃহৎ নদীবান্ধৰ বিৰুদ্ধে শেষ বিন্দু তেজ থকালৈকে থমকি নৰয় বুলি হুংকাৰ দিয়ে নেতা গৰাকীয়ে । উল্লেখ্য যে শুকুৰবাৰে নাৰায়ণপুৰৰ জালভাৰীয়াস্থিত ড. ভূপেন হাজৰিকা স্মৃতি ভৱনত সংগঠনটোৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি হিৰণ্য দত্ত সভাপতিত্বত এখন বিশেষ অনুষ্ঠিত হয়। উক্ত সভাখনতে কিছুদিন পূৰ্বে সংগঠনটোৰ নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ সম্পাদক গৰাকীয়ে পদত্যাগ কৰাত নাৰায়ণপুৰৰ আন এগৰাকী উদ্যমী যুৱক ঋষিভূষণ হাজৰিকাক ভাৰপ্ৰাপ্ত সম্পাদকৰ দায়িত্ব অৰ্পণ কৰাৰ লগতে তেওঁৰ নেতৃত্বত নাৰায়ণপুৰ অঞ্চলৰ অৰ্ধশতাধিক যুৱকে আনুষ্ঠানিক ভাৱে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদত যোগদান কৰে।

 সভাত অংশগ্ৰহণ কৰি যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি হেমচন্দ্ৰ গোস্বামী আৰু সহকাৰী সাধাৰণ সম্পাদক সৌৰভ দাসে নৱাগত সদস্য সকলক সংগঠনটোৰ নীতি আদৰ্শ,দাবী আৰু কৰণীয় সম্পৰ্কে বিষদভাৱে অৱগত কৰে। সভাত নৱাগত সদস্য সকলক একোখনকৈ ফুলাম গামোচাৰে সংগঠনলৈ আদৰণি জনোৱা হয়। সভাত লখিমপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক দেৱজিৎ ডেকা বৰুৱা,উপদেষ্টা মনদ্বিপ নেওগ, পংকজ গগৈ সাংগঠনিক সম্পাদক নবীন শৰ্মা, কাৰ্যনিৰ্বাহক সদস্য ললিত শৰ্মা, নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ সভাপতি গৌতম বনিয়াকে ধৰি আন কেইবাগৰাকীও বিষয় ববীয়া উপস্থিত থাকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in