আকৌ এবাৰ মোডী চৰকাৰ! ইটোৰ পাছত সিটো ৰাজনৈতিক দলৰ শৰণাপন্ন বিজেপি

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ ২০১৯ৰ লোকসভা নিৰ্বাচনত পৰাজয়ৰ আশংকাত ভুগিছে নেকি বিজেপি? এই প্ৰশ্ন এতিয়া বহুতৰে মনত উদয় হৈছে। শেহতীয়াকৈ লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পিছতে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপিয়ে ন ন ৰণকৌশল প্ৰস্তুত কৰি ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। কিন্তু বিগত ৫ বছৰীয়া শাসনকালত বিমুদ্ৰাকৰণ, কৃষক সমস্যা আদি বিভিন্ন কাৰণত অসন্তুষ্ট হৈ পৰা জনতাক সন্তুষ্ট কৰাটো বিজেপিৰ বাবে এতিয়া সহজ হৈ থকা নাই।

যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ বিজেপিয়ে লোকসভা নিৰ্বাচনত অৱৰ্তীন হোৱাৰ পূৰ্বে বৃদ্ধি কৰিছে মিত্ৰ দলৰ সংখ্যা। পূৰ্বৰ লোকসভা নিৰ্বাচনৰ তুলনাত বিজেপিয়ে এইবাৰ ১৩ টাকৈ নতুন ৰাজনৈতিক দলৰ সৈতে মিত্ৰজোঁট কৰি শাসনৰ বাঘজৰী লাভৰ অংক কৰিছে। উল্লেখ্য যে, ২০১৪ চনত বিজেপিয়ে ১৬ টা সহযোগী দলৰ সৈতে লগ লাগি নিৰ্বাচনত অৱৰ্তীৰ্ণ হৈছিল। কিন্তু এইবাৰ এই সংখ্যা ২৯লৈ বৃদ্ধি পাইছে।

যিখন বিহাৰত বিজেপিয়ে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত ৪০ খন আসনৰ ভিতৰত ২২ খনেই লাভ কৰিবলৈ সক্ষম হৈছিল, তাত এইবাৰ বিজেপিয়ে মাত্ৰ ১৭ টা সমষ্টিতহে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। আনফালে ক্ষমতাৰ স্বাৰ্থত বিজেপিক সততে সমালোচনা কৰা শিৱসেনাৰ সৈতেও মহাৰাষ্ট্ৰত মিত্ৰতা কৰিছে বিজেপিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in