সচাঁকৈয়ে ডনাল্ড ট্ৰাম্প ভাৰতৰ বন্ধু হয়নে..!

সচাঁকৈয়ে ডনাল্ড ট্ৰাম্প ভাৰতৰ বন্ধু হয়নে..!

ডিম্পুল বৰগোহাঁই

'আঁচল বন্ধুু সেইজনহে, যিজনে বিপদৰ সময়ত সহায়, বেয়া কামক সমালোচনা আৰু ভাল কামক প্ৰশংসা কৰে।' বন্ধুত্বৰ বিশেষ কোনো সংজ্ঞা নাই যদিও এজন বন্ধু এনে গুণৰ অধিকাৰী হোৱাটোৱে উচিত বুলি আমাৰ মনে ধৰে। বন্ধুত্বৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতাপী ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পেও হয়তো এই সংজ্ঞাকেই বিশ্বাস কৰে। শেহতীয়াকৈ তেওঁ ইয়াৰ প্ৰমাণো দিলে।

সকলোৰে হয়তো মনত আছে, চলিত বৰ্ষৰে ছেপ্তেম্বৰ মাহৰ ২২ তাৰিখ। হিউষ্টনৰ এন আৰ জি ফুটবল ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল 'হাউডী মোডী' অনুষ্ঠান। বিদেশী ৰাষ্ট্ৰখনত প্ৰধানমন্ত্ৰীৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছিল প্ৰায় ৫০ হাজাৰ দৰ্শক। সময়ত হাতত হাত ধৰি মঞ্চত প্ৰৱেশ কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড টাম্প। দৰ্শকৰ জাউৰি জাউৰি হাত চাপৰিৰ মাজত বিশ্বৰ ২ প্ৰভাৱশালী নেতাই এজনে আনজনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল।


'হাউডী মোডী' অনুষ্ঠান

'হাউডী মোডী' অনুষ্ঠানতে অতি আন্তৰিকতা আৰু দায়ৱদ্ধতাৰে এজনে আনজনৰ প্ৰশংসা কৰিছিল যে খোদ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়েই কৈছিল- 'আমেৰিকাৰ সকলোতকৈ ভাল বন্ধু সকলৰ ভিতৰত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।' ঠিক অনুৰূপ সুৰতেই মোডীয়েও কৈছিল- 'ভাৰতৰ আটাইতকৈ অন্তৰংগ বন্ধু ট্ৰাম্প।' সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছিল বিশ্বৰ দুই শীৰ্ষ নেতাই অতি আন্তৰিকতাৰে পাৰ কৰা এই মুহূৰ্তবোৰ।

কিন্তু বন্ধু হিচাপে এসময়ত ভাল দিশবোৰক সাঙুৰি ট্ৰাম্পে যিদৰে মোডীক প্ৰশংসা কৰিছিল, সমান্তৰালভাৱে মোডী চৰকাৰৰ কিছু দিশৰ প্ৰতি অৱহেলা দেখি শেহতীয়াকৈ তেওঁ ভাৰতক সমালোচনা কৰিছে। চলিত বৰ্ষৰ ১২ নৱেম্বৰত এটা আন্তৰাষ্ট্ৰীয় অনুষ্ঠানত ট্ৰাম্পে ভাৰত চৰকাৰক কৰিলে তীক্ষ্ম সমালোচনা।

তাৰিখ ১২ নৱেম্বৰ,২০১৯
স্থানঃ নিউৰ্য়কৰ ইকনমী ক্লাৱ।

আমেৰিকাৰ নিউৰ্য়কস্থিত ইকনমী ক্লাৱত অনুষ্ঠিত হৈছিল এক অনুষ্ঠান। উপস্থিত আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। পৃথিৱীত জলবায়ু পৰিৱৰ্তনৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাখিছিল বক্তব্য। বিশ্বত জলবায়ু প্ৰদুষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিগৰাকীয়ে পোনতে জগৰীয়া কৰিলে ৩ খন দেশক। দেশকেইখন হৈছে ভাৰত, ৰুচ আৰু চীন।

এই ৩ খন দেশক সমালোচনা কৰি ট্ৰাপে ক'লে- মই সদায়েই বিশুদ্ধ বায়ু বিচাৰো, কেৱল ময়ে নহয় বিশ্বৰ প্ৰত্যেকে বিচাৰে। মানুহে মোক প্ৰশ্ন কৰে আপুনি ইয়াৰ বাবে কি কৰিছে। কিন্তু মই কব বিচাৰো সুস্থ জলবায়ুৰ কথা চিন্তা কৰি আমেৰিকাই যি কৰিছে, তাৰ তুলনাত ভাৰত, চীন আৰু ৰুচিয়াই একোৱেই কৰা নাই।'

অনুষ্ঠানটো সম্বোধন কৰি ট্ৰাপে লগতে কয়- এই দেশসমূহে বিশুদ্ধ বায়ুৰ বাবে কোনো বিশেষ পদ্ধতি অৱলম্বন কৰা নাই। সমগ্ৰ বিশ্বক বিশুদ্ধ কৰি ৰখাৰ বাবে এই তিনিখন দেশৰ বিশেষ অৰিহণা নাই।' আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ এই অনু্ষ্ঠানটোত জলবায়ুৰ দিশটোক লৈ কৰা সমালোচনা ইমানতে নেৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। তেও লগতে ক'লে- 'এই তিনিখন দেশৰ পৰা আৱৰ্জনা সাগৰৰে আহি আমেৰিকাৰ লঞ্জ এঞ্জেলিছ পাইছেহি। এয়া সচাঁকৈয়ে আচৰিত নহয়নে! তেওঁলোকে এইবোৰ দেখি আছে কিন্তু সকলো দেখিও তেওঁলোক নীৰৱে আছে।'

ভাৰতৰ ওপৰত ট্ৰাম্পৰ অভিযোগ সচাঁনেঃ

ডনাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত উঠোৱা অভিযোগ ১০০ শতাংশই মিছা বুলি ন দি কব নোৱাৰি। কিয়নো শেহতীয়াকৈ দেশৰ কেইবাখনো দেশত জলবায়ু প্ৰদূষণেই ইয়াৰ প্ৰমাণ। কিন্তু ট্ৰাম্পে ভাৰতৰ আৱৰ্জনাবোৰ আমেৰিকাৰ লঞ্জ এঞ্জেলিছ পোৱা বুলি যি অভিযোগ কৰিছে সেইয়া সম্পূৰ্ণ মিছা।

দৰাচলতে ট্ৰাম্পে যি স্থানত ভাৰতৰ পৰা গৈ আৱৰ্জনা জমা হোৱাৰ কথা উল্লেখ কৰিছে, সেই স্থানত সচাঁকৈয়ে আছে বৃহৎ পৰিমাণৰ জাবৰ, এক কথাত কব পাৰি যে, ড্ৰাপিং গ্ৰাউণ্ড। এই ক্ষেত্ৰখনক জনা যায় great pacific garbage patch হিচাপে। এই জাৱৰৰ ক্ষেত্ৰ কেলিফৰ্নিয়াৰ পৰা হাৱাই দ্বীপৰ লৈকে বিয়পি আছে। কিন্তু সেই জাৱৰ ভাৰত, চীন অথবা ৰুচিয়াৰ পৰা গৈ জমা হোৱা জাঁবৰ নহয়।

আচলতে কেনেকৈ সৃষ্টি হল great pacific garbage patch-

বিশ্বৰ আগশাৰীৰ সংবাদমাধ্যম 'নেছাৰ'ৰ মতে, জাবৰেৰে ভৰা আমেৰিকাৰ এই বৃহৎ অঞ্চলটোৱে আগুৰি আছে প্ৰায় ৭০০,০০০ বৰ্গ কিঃমিঃ অঞ্চল। এই অঞ্চলৰ ক্ষেত্ৰফল হৈছে আমেৰিকাৰ ৰাজ্য টেক্সাছতকৈ দুগুণ। এনে বৃহৎ ডাম্পিং গ্ৰাউণ্ডৰ কথা প্ৰথমতে বিশ্বই গম পাইছিল ১৯৯০ চনত। National Oceanic and Atmospheric Administration নামৰ এটা সংস্থাই এই অঞ্চলৰ কথা বিশ্বৰ সন্মুখলৈ আনিছিল।

আমেৰিকাৰ এটা সংস্থাৰ মতে, এই great pacific garbage patch অঞ্চলটোত জমা হোৱা জাৱৰবোৰৰ ভিতৰত সৰহসংখ্যকেই হৈছে প্লাষ্টিক। উত্তৰ আমেৰিকা, লেটিন আমেৰিকা আৰু প্ৰশান্ত মহাসাগৰৰ কাষৰীয়া কেইখনমান দেশৰ জাৱৰ গৈ জমা হয় great pacific garbage patchত।

জানি আচৰিত হব যে, অতি বৃহৎ পৰিমাণৰ প্লাষ্টিক জমা হৈ আছে এই great pacific garbage patchত। ইয়াত জমা হৈ থকা প্লাষ্টিকৰ ওজন প্ৰায় ৮৮ হাজাৰ টন। সৰলভাৱে কব পাৰি যে, এই প্লাষ্টিকৰ ওজন ৫০০ খন বৃহৎ জেট প্লেনৰ সমান। অঞ্চলটোত প্ৰতি কিঃমিটাৰত ৩৩৪,৭২১ টুকুৰা প্লাষ্টিক সিচৰতি হৈ থকা বুলি সমীক্ষাত প্ৰকাশ পাইছে। পৰিতাপৰ কথা যে, ভাৰতৰ ওপৰত অভিযোগ উঠোৱা আমেৰিকাই এই অঞ্চল প্লাষ্টিকমুক্ত কৰি চাফা কৰিবলৈ কোনো ব্যৱস্থা হাতত লোৱা নাই। অৱশ্যে দুই এটা সংগঠনে নিজাববীয়াকৈ কিছু কাম কৰি আছে।

ট্ৰাম্পে উঠোৱা অভিযোগ একেবাৰে মিছাও নহয়ঃ

জলবায়ুৰ ক্ষেত্ৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰতৰ ওপৰত উঠোৱা অভিযোগ ১০০ শতাংশই মিছা নহয়। শেহতীয়াকৈ দিল্লী, পঞ্জাৱকে ধৰি কেইবাখনো জলবায়ু প্ৰদূষণে একপ্ৰকাৰৰ ত্ৰাসৰ সৃষ্টি কৰিছে বুলিয়ে কব লাগিব। দেশৰ জলবায়ুক সন্দৰ্ভত চৰকাৰ কোনো সুপৰিকল্পিত নীতি নথকাৰ বাবেই বহুতে এতিয়া মুকলিভাৱে চৰকাৰক সমালোচনা কৰি কৈছে যে- দেশৰ জলবায়ু প্ৰদূষণৰ বাবে দায়ী ক্ষমতালিপ্সু, অসৎ, দায়ৱদ্ধহীন ৰাজনীতিক। মুঠৰ ওপৰত কব পাৰি যে, জলবায়ু পৰিৱৰ্তনক লৈ দেশৰ ইখন ৰাজ্যই সিখন ৰাজ্যৰ ওপৰতে অভিযোগ জাপি দায়িত্ব সামৰিছে।

২০১৪ বৰ্ষৰ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্যমতে বিশ্বত ২০১২ বৰ্ষত অকল বায়ু প্ৰদূষণৰ ফলত সাত নিযুত লোকে মৃত্যুক সাবটিবলগীয়া হৈছে। ২০১৬ বৰ্ষৰ পৰিৱেশ সূচক তথ্যমতে বিশ্বৰ ১৮০ দেশৰ ভিতৰত ভাৰতবৰ্ষৰ স্থান আছিল ১৪১। এই ক্ৰম চালে স্পষ্টভাৱে দেখা পোৱা যায় যে ভাৰতবৰ্ষ মুঠেও নিৰাপদ নহয়। দিল্লী, কলকাতা, মুম্বাই আৰু চেন্নাই হৈছে দেশৰ আটাইতকৈ প্ৰদূষিত অঞ্চল। ইফালে ২০১৩ বৰ্ষৰ তথ্য মতে চীন দেশত প্ৰতি বছৰে অকল বায়ু প্ৰদূষণৰ বাবে ৫,০০,০০০ লোকৰ প্ৰাণ হানি হয়। গতিকে এনেবোৰ দিশ পৰ্যালোচনা কৰিলে কব পাৰি যে, ট্ৰাম্পৰ অভিযোগ ১০০ শতাংশই মিছা নহয়।

প্লাষ্টিক আৰু ভাৰতঃ

২০১৯ বৰ্ষৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লালকিল্লাত দিয়া ভাষণত প্লাষ্টিকমুক্ত ভাৰত নিৰ্মাণৰ বাবে জনসাধাৰণক আহ্বান জনায়৷ প্ৰধানকৈ দোকান, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু চৰকাৰী এজেঞ্চীসমূহক এই অভিযানত আগভাগ ল'বলৈ কয় প্রধানমন্ত্ৰীয়ে৷ তেওঁ নিজাকৈ এই সন্দৰ্ভত ১০ লাখ লোকলৈ মেইল প্ৰেৰণ কৰিব বুলি ঘোষণা কৰে৷

দেশৰ ৬০ খন চহৰৰ ওপৰত কেন্দ্ৰীয় পৰিৱেশ নিয়ন্ত্ৰণ বৰ্ডে চলোৱা এক সমীক্ষা অনুযায়ী চহৰৰ পৰা দৈনিক ৪,০৫৯ টন প্লাষ্টিকৰ বৰ্জনীয় পদাৰ্থ নিৰ্গত হয়৷ ইয়াৰ পৰা অনুমান কৰিব পাৰি যে সমগ্ৰ দেশৰ পৰা প্লাষ্টিকৰ বৰ্জনীয় পদাৰ্থ নিৰ্গত হয় প্ৰায় ২৬ হাজাৰ টন৷ ইয়াৰে ৬০ শতাংশ হে সংগ্ৰহিত হয় আৰু পুনৰ ব্যৱহাৰ ( Recycle)হয়৷ বাকী থকাখিনি নলা, নৰ্দমা, নদী, সাগৰত পৰি পৰিৱেশ প্ৰদূষিত কৰাৰ লগতে জীৱ-জন্তুৰ পেটলৈও যায়৷

কেৱল ভাৰততে নহয়, উন্নত দেশসমূহত এক তৃত্বীয়াংশ প্লাষ্টিক বস্তু বন্ধাৰ কামত আৰু এক তৃত্বীয়াংশ গৃহ নিৰ্মাণৰ পানীৰ নলা, খিৰিকীৰ ছাদ আদিত ব্যৱহৃত হয়।গাড়ী নিৰ্মাণতো প্ৰায় ২০% প্লাষ্টিক ব্যৱহৃত হয়। ঘৰৰ আচ-বাব, খেলনা আদিতো প্লাষ্টিক প্ৰভূতভাৱে ব্যৱহাৰ কৰা হয়।ভাৰতত বস্তু বন্ধাৰ বাবেই্ ৪২% প্লাষ্টিক ব্যৱহৃত হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে Single Use Plastic নিষিদ্ধকৰণৰ অভিযান চলোৱাৰ বহু পূৰ্বেই এখন ৰাজ্যত সম্পূৰ্ণৰূপে প্লাষ্টিক নিষিদ্ধ হৈছে৷ ছিকিমত ১৯৯৮ চনৰ পৰা Single Use Plastic ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হয় আৰু ২০১৬ চনত ছিকিমে সম্পূৰ্ণৰূপে প্লাষ্টিকমুক্ত ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰে৷ নিজ ৰাজ্যৰ পৰিৱেশ সুস্থিৰ আৰু পৰিস্কাৰ ৰখাৰ স্বাৰ্থত প্ৰতিজন লোকেই প্লাষ্টিক বৰ্জন কৰাত পূৰ্ণ সমৰ্থন আগবঢ়ায় সেয়েহে এই অভিযান সফলো হ'ল৷

প্লাষ্টিকৰ বৰ্জ্য সৰ্বাধিক নিৰ্গত কৰা ভাৰতৰ ৫ খন চহৰ হৈছে-

মধ্যপ্ৰদেশ- ৫০,৪৫৭ টন
ওড়িষা- ১২,০৯২ টন
উত্তৰ প্ৰদেশ- ২,০৬,৭৩৩ টন
গুজৰাট- ২,৬৯,৮০৮
পঞ্জাৱ- ৫০,৪৫৭ টন

বিশ্বৰ ১৩ খন দেশত সম্পূৰ্ণৰূপে নিষিদ্ধ Single Use Plastic

কানাডা
ফ্ৰান্স
মৰক্ক'
ৰাৱাণ্ডা
এণ্টিগুৱা আৰু বাৰ্বুডা
আমেৰিকা যুক্তৰাষ্ট্ৰ
দক্ষিণ কোৰিয়া
বাংলাদেশ
ইংলেণ্ড
টাইৱান
নিউজিলেণ্ড
কেনিয়া
জিম্বাবৱে

পৃথিৱীৰ প্ৰথমখন প্লাষ্টিকমুক্ত দেশ হ'ল বাংলাদেশঃ

২০০২ চনৰ পৰা বাংলাদেশে প্লাষ্টিক ব্যৱহাৰকৰণত নিষেধাজ্ঞা আৰোপ কৰে আৰু আজি পৰ্যন্ত সেই নিষেধাজ্ঞা অব্যাহত আছে৷ উল্লেখ্য যে ১৯৯০ চনত বাংলাদেশত হোৱা প্ৰলয়ংকৰী বানৰ বাবে জগৰীয়া কৰা হৈছিল প্লাষ্টিকৰ নানা বৰ্জিত পদাৰ্থক৷ তেতিয়াৰে পৰা সেই সন্দৰ্ভত চিন্তা-চৰ্চা কৰা হৈছিল আৰু ২০০২ চনত দেশখনত Single One Plastic নিষিদ্ধ ঘোষণা কৰা হয়৷ অৱশ্যে নিষিদ্ধ ঘোষণা কৰিলেও এতিয়াও দেশখনত বে-আইনীভাৱে Single One Plasticৰ বিক্ৰী অব্যাহত আছে।

যি কি নহলেও, আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ট্ৰাপে ভাৰতৰ ওপৰত জাপি দিয়া অভিযোগ ১০০ শতাংশ সঁচা নহলেও কিছু ক্ষেত্ৰত কিন্তু ভাৰতে নিজকে নিদোৰ্ষী বুলি দাবী কৰিব নোৱাৰে। ভাৰতবৰ্ষৰ দৰে প্ৰাকৃতিক দিশত অতি চহকী এখন দেশত শেহতীয়াকৈ বৃদ্ধি পোৱা জলবায়ু প্ৰদূষণ সঁচাকৈয়ে উদ্বেগৰ বিষয়। এটা মিছা অভিযোগ জাপি দিলেও, ট্ৰাম্পৰ কিছু কথাক সমৰ্থন জনাবই লাগিব। ভাৰত তথা প্ৰধানমন্ত্ৰী মোডীৰ এজন ভাল বন্ধু বুলি দাবী কৰা ট্ৰাম্পে হয়তো বন্ধু দেশৰ দুৱৱস্থা দেখিয়ে এনে সমালোচনা কৰিছে!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in