মহান চিন্তা! বিয়ালৈ সাঁচি ৰখা ২০লাখ টকা দৰিদ্ৰ শিশুৰ খাদ্য, শিক্ষাৰ বাবে দিলে বিলাই…

মহান চিন্তা! বিয়ালৈ সাঁচি ৰখা ২০লাখ টকা দৰিদ্ৰ শিশুৰ খাদ্য, শিক্ষাৰ বাবে দিলে বিলাই…

ডিজিটেল ডেস্কঃ বিয়া মানেই বিলাস হৈ পৰা এই সময়ত এই খবৰে আপোনাক দিব মানসিক সন্তুষ্টি। খবৰটো হৈছে এহাল নৱবিবাহিত দম্পত্তীৰ। যোৱা ১৫ নৱেম্বৰত দুয়োৰে মাজত সম্পন্ন হৈছে বিবাহ। বিয়াখন আবু-ধাবিত সাধাৰণভাৱে হৈ যোৱাৰ পাছ ব্যয়বহুলভাৱে তেওঁলোকে আয়োজন কৰিছিল অভ্যৰ্থনা অনুষ্ঠানৰ। এই অনুষ্ঠানৰ বাবে বাজেট ৰাখিছিল ২০লাখ টকা। কিন্তু শেষ সময়ত তেওঁলোকে সলনি কৰিলে এই সিদ্ধান্ত।

নৱবিবাহিত দম্পত্তিয়ে ঠিক কৰিলে যে, অভ্যৰ্থনাৰ বাবে ঠিক কৰা ২০লাখ টকা তেওঁলোকে দৰিদ্ৰ লোকৰ মাজত বিলাই দিব। ভৱামতেই তেওঁলোকে ২০লাখৰ ১০লাখ টকা ভাৰতৰ দৰিদ্ৰ শিশুৰ খাদ্য আৰু দেশৰ সকলো প্ৰান্তত কোভিদ ভেকচিন প্ৰদান প্ৰক্ৰিয়াত সহায়ক হোৱাকৈ দান কৰিলে। বাকী ৫লাখ টকা দৰিদ্ৰ শিশুৰ শিক্ষা আৰু আন ৫লাখ টকা এটা সংগঠনক দান কৰিলে যিয়ে দৰিদ্ৰ লোকসকলক সহায় কৰে।

নৱ দম্পত্তিৰ এই মহান চিন্তাই এতিয়া ব্যাপক চৰ্চা লাভ কৰাৰ লগতে সকলোৱে প্ৰশংসা কৰিছে। বিশাল জৈন আৰু হেজল জৈন নামৰ এই নৱবিবাহিত দম্পত্তিৰ ঘৰত ভাৰততে। কিন্তু পেছাত তেওঁলোক থাকে বিদেশত। পূৰ্বতেও নিয়মিতভাৱে তেওঁলোকে দৰিদ্ৰ লোকৰ সহায়ক হোৱাকৈ দান কৰি আহিছে ধনৰাশি।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in