শেহতীয়া খবৰ
অৱশেষত কংগ্ৰেছত যোগদান এসময়ৰ বিজেপিৰ বহুবল্কী সাংসদ আৰ পি শৰ্মাৰ...  •  'কা' বিৰোধী প্ৰতিবাদকাৰীয়ে নিক্ষেপ কৰা শিল মূৰত লাগি মৃত্যু আৰক্ষীৰ হেড কণিষ্টবলৰ...  •  ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান সম্পন্ন, দোষী সাব্যস্ত ১২ জনক...  •  মৃত্যু হ’ল উমানন্দত থকা একমাত্ৰ সোণালী বান্দৰটোৰ...  •  পুনৰ ৪ দিনৰ বাবে ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত শ্বাৰ্জিল ইমাম, VIDEO  •  পুনৰ ৪ দিনৰ বাবে ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত শ্বাৰ্জিল ইমাম, VIDEO  •  আহমেদাবাদত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক আদৰণি জনাই কি ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে...  •  ভাৰত আজি দৰিদ্ৰতামুক্ত হোৱাৰ পথতঃ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প  •  মাৰ্কিন ৰাষ্ট্ৰপতিৰ মুখত বলীউডৰ প্ৰশংসা...  •  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এই গণতান্ত্ৰিক দেশৰ এগৰাকী সফল নেতাঃ ডোনাল্ড ট্ৰাম্প

পত্নী অসুস্থ, ১ মহীয়া সন্তানক লৈ সংসদ ভৱনত নিজ কামত ব্যস্ত সাংসদ পিতৃ…

1,236

ডিজিটেল ডেস্কঃ ফটোৱে কথা কয়, কিছু ফটো এনেকুৱা থাকে যিয়ে হৃদয় চুই যায়।শেহতীয়াকৈ তেনে এক ফটোৱে ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ফটোখনৰ স্থান হৈছে নিউজিলেণ্ডৰ সংসদ ভৱনৰ। এজন সাংসদে কণমাণি সন্তানক লৈ উপস্থিত হল সংসদ ভৱনত।

সংসদ ভৱনত কণমাণিটো লৈ উপস্থিত হোৱাৰ পাছত সাংসদ পিতৃয়ে সন্তানক কোলাত লৈয়ে ভাগ ললে সংসদৰ বিভিন্ন আলোচনাত। আনহাতে এটা সময়ত অধ্যক্ষৰ কোলাতো তুলি দিলে কণমাণিটিক। অধ্যক্ষইয়ো কনমাণিটিক কোলত লৈ কোনো অসুবিধা নোহোৱাকৈ চলাই নিলে সংসদৰ কাম কাজ।

নিউজিলেণ্ডৰ এই সাংসদগৰাকীৰ নাম হৈছে তমাটি কাফে। যোৱা ১০ জুলাইত সাংসদগৰাকীৰ পত্নীয়ে জন্ম দিয়ে এটি সন্তানক। শাৰিৰিক অসুস্থতাৰ বাবে মাতৃৰ ওচৰত কষ্ট পায় বুলিয়েই নিজৰ সৈতে লৈ সংসদ ভৱনলৈ লৈ আহিলে সন্তানটিক।

২১ আগষ্টত সংসদ ভৱনত উপস্থিত হোৱাৰ লগে লগে কনমাণিটো সকলো সাংসদে কোলাত লৈ ফটোও উঠিলে, তাৰ পিছতে ভাইৰেল এই ফটো। উল্লেখ্য যে, এনে পৰিস্থিতিৰ মাজতো সংসদ ভৱনত সকলো কাম অতি নিয়াৰিকৈ চলি থাকিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি