এদিনীয়াৰ পাছত টেষ্টতো ৱাশ্ব আউট টীম ইণ্ডিয়া…

এদিনীয়াৰ পাছত টেষ্টতো ৱাশ্ব আউট টীম ইণ্ডিয়া…

ডিডিটেল ডেস্কঃ ICC World Test Championshipত শোচনীয় পৰাজয় টীম ইণ্ডিয়াৰ। প্ৰথমবাৰলৈ টেষ্ট চেম্পিয়নশ্বীপত ২-০ ব্যৱধানেৰে শৃংখলা হেৰুৱালে টীম ইণ্ডিয়াই। নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা এই চিৰিজত প্ৰথমখন টেষ্টত ১০ উইকেট আৰু দ্বিতীয়খন টেষ্ট মেচত ৭ উইকেটত পৰাস্ত হয় টীম ইণ্ডিয়া।

শোচনীয় এই পৰাজয়ৰ ফলত টেষ্ট ক্ৰিকেটৰ পইণ্টৰ তালিকাত টীম ইণ্ডিয়াৰ ৰেংক প্ৰথম স্থানৰ পৰা অৱনতি হোৱা নাই যদিও দুখন মেচত ক্ৰমাগত পৰাজয়ে ভৱিষ্যতে দলটোক বিপদত পেলাব পাৰে। ৩৬০ পইন্টৰে প্ৰথমস্থানত থকা ইণ্ডিয়াৰ সৈতে ICC World Test Championshipত ভাৰতৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰি ১৮০ পইন্টৰে বৰ্তমান তৃতীয় স্থানত আছে নিউজিলেণ্ড। এই তালিকাত ২৯৬ পইন্টৰে দ্বিতীয় স্থানত আছে অষ্ট্ৰেলিয়া।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in