সমগ্ৰ বিশ্বতে উলহ মালহেৰে নৱবৰ্ষক আদৰনি…

সমগ্ৰ বিশ্বতে উলহ মালহেৰে নৱবৰ্ষক আদৰনি…

ডিজিটেল ডেস্ক : পুৰনি বৰ্ষক বিদায় দি আৰম্ভ হ'ল এটি নতুন বৰ্ষ । নতুন প্ৰত্যাশা নতুন আশাৰে সমগ্ৰ বিশ্বতে উলহ মালহৰে আদৰনি জনালে ২০২১ । নতুন বছৰটোৰ সুখময় হোৱাৰ আশাৰে দেশৰ বিভিন্ন মন্দিৰ সমূহত ভিৰ কৰিছে বিভিন্ন জনে ।

আনহাতে অষ্ট্ৰেলিয়াতো উলহ মালহেৰে নৱবৰ্ষক আদৰে জনসাধৰনে । অষ্ট্ৰেলিয়াৰ চিডনীত আতবাজি প্ৰদৰ্শন কৰি নৱবৰ্ষক আদৰে ছিডনীবাসীয়ে । ডুবাইত বিভিন্ন আতছবাজী আৰু আলোক সজ্জাৰে আলোকিত কৰি আদৰনি জনাই নতুন বৰ্ষক ।

পঞ্জাৱৰ স্বৰ্ণ মন্দিৰতো নৱবৰ্ষৰ প্ৰথমটো পুৱাত আশিৰ্বাদ ল'বলৈ বিভিন্ন জনে ভিৰ কৰা লগতে বাৰানসীত নৱবৰ্ষৰ পহিলা দিনটোত গংগা আৰতি কৰা হয় । গোৱাত গীত নৃত্যৰ তালেৰে নতুন বৰ্ষক আদৰনি জনায় । গুলমাৰ্গত জন্মু কাশ্মীৰ পৰ্যটন বিভাগৰ উদ্যোগত নৱবৰ্ষক আদৰাৰ বাবে বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰে ।

ৰাজ্যৰ বিভিন্ন মঠ মন্দিৰ সমূহতো নৱবৰ্ষৰ প্ৰথম দিনটোত ভিৰ পৰিলক্ষিত হোৱাৰ লগতে ৰাজ্যৰ বিভিন্ন জনে নিশা গীত নৃত্যৰ তালেৰে আদৰনি জনাই নৱবৰ্ষক । ইফালে নৱবৰ্ষৰ আদৰনিৰ দিনটোত সষ্টম হৈ থাকে গুৱাহাটী মহানগৰ আৰক্ষীৰ লগতে ৰাজ্যৰ বিভিন্ন আৰক্ষী প্ৰশাসন । মহানগৰীৰ বিভিন্ন ঠাইত আৰক্ষী সকলে কৰে তালাচী ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in