ওদালগুৰিত নৱনিযুক্ত উপায়ুক্তৰ কাৰ্যভাৰ গ্ৰহণ…

ওদালগুৰিত নৱনিযুক্ত উপায়ুক্তৰ কাৰ্যভাৰ গ্ৰহণ…

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি জিলাৰ নৱনিযুক্ত উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই বৃহস্পতিবাৰে জিলাখনৰ উপায়ুক্তৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। এই সন্দৰ্ভত ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখনি সভা অনুষ্ঠিত হৈ যায়।

এই সভাতে নৱনিযুক্ত উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াক আদৰণি জনাই কাৰ্যভাৰ প্ৰদানৰ লগতে বিদায়ী উপায়ুক্ত দিলীপ কুমাৰ দাসক সম্বৰ্দ্ধনা জনোৱা হয়।

সভাখন সঞ্চালনা কৰে অতিৰিক্ত উপায়ুক্ত যতীন বৰাই। এই সভাত ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ বিষয়বৱীয়াসকলৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বীসকল উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in