এতিয়াৰে পৰা পৰ্যটকে ৩ ঘন্টাহে কটাব পাৰিব তাজমহলৰ বাকৰিত…

এতিয়াৰে পৰা পৰ্যটকে ৩ ঘন্টাহে কটাব পাৰিব তাজমহলৰ বাকৰিত…

ডিজিটেল ডেস্কঃ বিশ্বৰ সপ্ত আশ্বৰ্যৰ ভিতৰত অন্যতম প্ৰেমৰ প্ৰতীক তাজমহলৰ সৌন্দৰ্য উপভোগ কৰিব বিচৰা সকলৰ বাবে আছে এক দুঃখবৰ। যমুনা নদীৰ পাৰৰ এই কীৰ্তি স্তম্ভৰ সৌন্দৰ্য উপভোগ কৰিবলৈ যাব বিচৰা সকলৰ বাবে ভাৰতীয় পুৰাতত্ব বিভাগে নতুন নিয়ম জাৰি কৰিছে। নতুন নিয়ম অনুসৰি এতিয়াৰে পৰা পৰ্যটকে তাজমহলৰ বাকৰিত এক নিৰ্দিষ্ট সময় অতিবাহিত কৰাৰ হে অনুমতি লাভ কৰিব।

কিদৰে প্ৰৱেশ কৰিব পাৰিব তাজমহলত

ভাৰতীয় পুৰাতত্ব বিভাগে জাৰি কৰা নতুন নিয়ম অনুসৰি এতিয়া পৰ্যটকে তেওঁলোকৰ টিকট স্কেন কৰাৰ পিছতহে তাজমহলৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব। তাজমহলৰ পূব আৰু পশ্চিমৰ প্ৰৱেশ দ্বাৰত নিৰ্মাণ কৰা হৈছে টাৰ্ণ ষ্টাইল গেট। এই গেটেৰে প্ৰৱেশ কৰাৰ সময়ত পৰ্যটকে তেওঁলোকৰ টিকট স্কেন কৰাটো বাধ্যতামূলক কৰা হৈছে। ইতিমধ্যে জাৰি কৰা হৈছে নতুন নিয়ম।

আনহাতে পুৰাতত্ব বিভাগে সদৰি কৰা মতে, কিছু দিনৰ ভিতৰতে পৰ্যটকসকলৰ বাবে 'মেগনেটিক কইন' বা এক বিশেষ ধৰণৰ মুদ্ৰাৰ ব্যৱস্থা কৰা হ'ব। এই বিশেষ মুদ্ৰাৰ জৰিয়তে পৰ্যটকে তাজমহলৰ ভিতৰত প্ৰৱেশ কৰি সম্পূৰ্ণ ৩ ঘন্টা সময় অতিবাহিত কৰাৰ অনুমতি লাভ কৰিব। যদি কোনো পৰ্যটকে তাজমহলৰ বাকৰিত ৩ ঘন্টাতকৈ অধিক সময় কটাব বিচাৰে তেন্তে তেওঁলোকে সেই মুদ্ৰা নবীকৰণ কৰিব লাগিব। তাৰ বাবে তাজমহলৰ ৰয়েল গেটত কাউন্টাৰ স্থাপন কৰা হ'ব বুলিও সদৰি কৰিছে পুৰাতত্ব বিভাগে।

নীলা, গ্ৰে' আৰু হালধীয়া হ'ব বিশেষ মুদ্ৰাৰ ৰং

পুৰাতত্ব বিভাগে কিছুদিনৰ ভিতৰতে পৰ্যটকৰ বাবে জাৰি কৰিব এই মুদ্ৰা ব্যৱস্থা। দেশী-বিদেশী সকলো পৰ্যটকৰ বাবে জাৰি কৰিবলগীয়া এই মুদ্ৰাৰ ৰং হ'ব পৃথক পৃথক। বিদেশী পৰ্যটকৰ মুদ্ৰাৰ ৰং নীলা, দেশী পৰ্যটকৰ মুদ্ৰাৰ ৰং গ্ৰে' বা ছাই-বৰণীয়া আৰু চাউথ এছিয়ান এছ'চিয়েশ্যন ফ'ৰ ৰিজিঅ'নেল কো-অপাৰেশ্যনৰ অন্তৰ্ভূক্ত দেশ সমূহৰ পৰ্যটকৰ মুদ্ৰাৰ ৰং হালধীয়া হ'ব বুলি সদৰি কৰিছে ভাৰতীয় পুৰাতত্ব বিভাগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in