গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ

ডিজিটেল সংবাদ, গোৱালপাৰাঃ ৰাজ্য চৰকাৰৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে ৰাজ্যৰ আৰক্ষী প্ৰশাসনত ব্যাপক সালসলনি কৰিছে।ইয়াৰ অংশ স্বৰূপে গোৱালপাৰা জিলা আৰক্ষী অধীক্ষককো সলনি কৰিছে। এইছ এম এ ৯২২/২০১৫/১০৭-এ এছ নিৰ্দেশ মৰ্মে স্বাস্থ্য-বিত্ত মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ এ পি এছ ভাতৃ সুশান্ত বিশ্ব শৰ্মাক গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে তেওঁ গোৱালপাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে আছিল। এইচ এম এ ৯২২/২০১৫/১০৭-এ আৰ নম্বৰৰ আন এন নিৰ্দেশ মৰ্মে গোৱালপাৰা জিলাৰ বৰ্তমানৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহা এ পি এছক শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক পদলৈ বদলি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in