আন্তঃজিলা যাতায়ত, শিক্ষানুষ্ঠান, সপ্তাহিক বজাৰৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত শিথিলতাঃ বুধবাৰে ১১ বজাৰ পৰা জাৰি হ’ল নতুন এছ অ’ পি

আন্তঃজিলা যাতায়ত, শিক্ষানুষ্ঠান, সপ্তাহিক বজাৰৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত শিথিলতাঃ বুধবাৰে ১১ বজাৰ পৰা জাৰি হ’ল নতুন এছ অ’ পি

ডিজিটেল ডেস্কঃ বুধবাৰৰ ১১ বজাৰ পৰাই প্ৰযোজ্য হ'ল নতুন এছ অ' পি। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদ মেলৰ জৰিয়তে নতুন এছ অ' পিৰ বিষয়ে ঘোষণা কৰিছে। বহু চৰ্চিত আন্তঃজিলা যাতায়ত খুলি দিয়া হৈছে এই নুতুন এছ অ' পিত। কেতবোৰ চৰ্তসাপেক্ষে ৰাজ্যৰ সকলো জিলা সামৰি আন্তঃ জিলা যাতায়ত মুকলি।

  • আন্তঃজিলা আৰু অন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত চৰকাৰী-বেচৰকাৰী, ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ বাছ আদিত ১০০ শতাংশ আসনতে যাত্ৰী পৰিবহনত অনুমতি।
  • কোনো যাত্ৰী পৰিবাহী বাহনেই আসনৰ সংখ্যাৰ অতিৰিক্ত ভাৱে থিয় কৰি যাত্ৰী নিব নোৱাৰিব।
  • যাত্ৰী থিয় কৰি নিয়া বাহন ধৰা পৰিলে তেনে বাহন আৰু থিয় হৈ যোৱা যাত্ৰীৰ ওপৰত বৰ্ধিত হাৰত জৰিমণা বিহাৰ লগতে চালকৰ অনুজ্ঞাপত্ৰ আৰু গাড়ীৰ পঞ্জীয়ন বাতিল কৰা হ'ব।
  • কমেও এপালি কোভিড প্ৰতিষেধক লোৱা লোকেহে আন্তঃ জিলা আৰু অন্তঃ জিলা যাতায়ত কৰিব পাৰিব।
  • সান্ধ্য আইনৰ মাজতো নৈশ বাছৰ চলাচলত অনুমতি।
  • সকলো যাত্ৰীকে মাস্ক বাধ্যতামূলক কৰা হৈছে।
  • অটোৰিক্সা, চাইকেল ৰিক্সা, টেক্সীৰ ক্ষেত্ৰতো ১০০ শতাংশ আসনতে যাত্ৰী পৰিবহনত অনুমতি।
  • অৱশ্যে কমেও এপালি কোভিড প্ৰতিষেধক লোৱা আৰু মাস্ক পৰিধান কৰাটো যাত্ৰী-চালকৰ বাবে বাধ্যতামূলক।
  • কমেও এপালি ক'ভিড প্ৰতিষেধক লোৱা লোকৰ ক্ষেত্ৰত বাইক-মটৰ চাইকেলত দুজন উঠাত অনুমতি।
  • এই ক্ষেত্ৰত মাস্ক বাধ্যতামূলক।
  • ব্যক্তিগত লঘু যান-বাহনেৰে যাত্ৰা কৰিলেও সকলো যাত্ৰীৰ বাবেই মাস্ক বাধ্যতামূলক।

আনহাতে নতুন এছ অ' পি অনুসৰি এতিয়াৰে পৰা সকলো কৰ্মচাৰী কাৰ্যালয়লৈ আহিব লাগিব। কৰ্মচাৰীসকলৰ বাবে নিৰ্ধাৰিত কৰি দিছে কিছু নীতি-নিয়ম।

  • ইপৰ্যন্ত এপালিও কোভিড প্ৰতিষেধক নোলোৱাকৈ থকা চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে অহা তিনিদিনৰ ভিতৰত কোভিড প্ৰতিষেধক গ্ৰহণ কৰিব লাগিব।
  • প্ৰত্যেক চৰকাৰী কাৰ্যালয়ৰ মূৰব্বী বিষয়াই নিজ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে কোভিড প্ৰতিষেধক গ্ৰহণ কৰিছেনে নাই, সেয়া পৰীক্ষা কৰিব।
  • এতিয়ালৈকে এপালিও প্ৰতিষেধক নোলোৱা বিষয়া-কৰ্মচাৰীসকলে আগন্তুক ৩ দিনৰ ভিতৰতে প্ৰথম পালি প্ৰতিষেধক লোৱাটোও মূৰব্বী বিষয়াই সুনিশ্চিত কৰিব।

নৈশ সান্ধ্য আইনৰ ক্ষেত্ৰতো যথেষ্ট শিথিলতা প্ৰদান কৰা হৈছে। নতুন এছ অ' পি অনুসৰি বুধবাৰৰ পৰা সান্ধ্য আইন ৯ ঘণ্টালৈ হ্ৰাস কৰা হৈছে।

  • ৰাজ্যজুৰি নৈশ সান্ধ্য আইনৰ ক্ষেত্ৰত পুনৰ শিথিলতাৰ ব্যৱস্থা।
  • নিশা ৯.০০ বজাৰ পৰা পিছদিনা পুৱা ৫.০০ বজালৈ বলৱৎ থাকিব সান্ধ্য আইন।
  • নিশা ৮.০০ বজালৈ খুলিব পাৰিব হোটেল, ৰেষ্টুৰেণ্ট, ধাবা, ব্যৱসায়িক তথা বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব'ৰোম, গেলামালৰ দোকান, ফলমূল, পাচলিৰ দোকান আদি।

ৰাজহুৱা সভা-সমিতিৰ লগতে বিভিন্ন অনুষ্ঠানৰ ক্ষেত্ৰটো দিয়া হৈছে যথেষ্ট শিথিলতা। এতিয়াৰে পৰা সভা-সমিতিৰ বাবে ল'ব নালাগে অনুমতি।

  • মুকলি স্থানত আয়োজিত সভা-সমিতি, সামাজিক, ৰাজহুৱা অনুষ্ঠানত সৰ্বাধিক ৫০ গৰাকী লোকে বাগ ল'ব পাৰিব।
  • অতি কমেও এপালি কোভিড প্ৰতিষেধক লোৱা সৰ্বাধিক ৫০গৰাকী লোকে ভাগ ল'ব পাৰিব এই অনুষ্ঠানত।
  • এইক্ষেত্ৰত স্থানীয় আৰক্ষীক আগতীয়াকৈ অৱগত কৰিব লাগিব।
  • জিলা উপায়ুক্তৰ অনুমতিপ্ৰাপ্ত সভা,সমিতি, অনুষ্ঠানৰ ক্ষেত্ৰত সৰ্বাধিক ২০০ গৰাকী লোকে অংশগ্ৰহণ কৰিব পৰিব।
  • সভাত উপস্থিতসকলে অতি কমেও এপালি কোভিড প্ৰতিষেধক গ্ৰহণ কৰিব লাগিব।
  • প্ৰেক্ষাগৃহ বা ৰাজহুৱা সভাগৃহ আদি আৱদ্ধ কক্ষত আয়োজিত বিশেষ অনুষ্ঠানত মুঠ আসন ক্ষমতাৰ ৫০ শতাংশ আসন সংখ্যাৰ লোকৰ অংশগ্ৰহণতহে অনুমতি থাকিব।
  • বিবাহ, সকাম আদি ঘৰুৱা মাংগলিক অনুষ্ঠানত ভাগ ল'ব পাৰিব সৰ্বাধিক ৫০ গৰাকী লোকে।
  • এইসকলেও অতি কমেও এপালি কোভিড প্ৰতিষেধক লোৱা লোকেহে ভাগ ল'ব পাৰিব।
  • অন্তিম সৎকাৰত ভাগ ল'ব পাৰিব সৰ্বাধিক ৫০ গৰাকী লোকে।

ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্ৰটো যথেষ্ট শিথিলতা প্ৰদান কৰা হৈছে নতুন এছ অ' পিত। নামঘৰ আৰু বিখ্যাত ধৰ্মীয় অনুষ্ঠানৰ বাবে পৃঠক কৰা হৈছে নীতি নিয়ম।

  • ৰাজ্যৰ বিখ্যাত ধৰ্মীয়স্থান কামাখ্যা মন্দিৰ, শিৱসাগৰৰ শিৱদৌল, আজানপীৰ দৰগাহ, হাজোৰ পোৱামক্কা আদিত প্ৰতি ঘণ্টাত সৰ্বাধিক ৪০ গৰাকী লোকৰ দৰ্শনত অনুমতি।
  • আন ধৰ্মীয়স্থান দৰ্শনৰ ক্ষেত্ৰত ঘণ্টাত ২০গৰাকী লোকৰ বাবে অনুমতি।
  • কমেও এপালি কোভিড প্ৰতিষেধক লোৱা লোকৰ বাবেহে মুকলি থাকিব ধৰ্মীয় স্থানৰ চৌহদত প্ৰৱেশৰ সুযোগ।

দীৰ্ঘসময় ধৰি বন্ধ হৈ থকা সপ্তাহিক বজাৰৰ ক্ষেত্ৰটো প্ৰদান কৰা হৈছে শিথিলতা।

  • সাপ্তাহিক বজাৰসমূহ সৰ্বাধিক ৬ ঘণ্টীয়া শ্বিফ্টৰ ব্যৱধানেৰে মুকলিত অনুমতি।
  • স্থানীয় প্ৰশাসনে এইক্ষেত্ৰত সময়সূচী তথা আনুসংগিক নিয়মসমূহ নিৰ্ধাৰণ কৰিব।

বিমান বন্দৰৰ যাত্ৰী সকলৰ বাবেও নতুন এছ অ' পিয়ে লৈ আহিছে বিশেষ শিথিলতা।

  • বিমান বন্দৰত দুয়ো পালি কোভিড প্ৰতিষেধক লোৱা বিমানযাত্ৰীক কোভিড পৰীক্ষণৰ পৰা ৰেহাই দিয়া হৈছে।
  • কোভিড প্ৰতিষেধক এপালিহে লোৱা বা এপালিও নোলোৱাকৈ থকা বিমানযাত্ৰীৰ বাবে কোভিড পৰীক্ষা বাধ্যতামূলক।
  • দুয়োপালি প্ৰতিষেধক নোলোৱা বিমানযাত্ৰীৰ বাবে বিমান বন্দৰত ২৫০ টকাৰ ৰেহাই মূল্যত আৰ টি পি চি আৰ কোভিড পৰীক্ষাৰ ব্যৱস্থা বাধ্যতামূলক কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in