শেহতীয়া খবৰ
শাস্তিযোগ্য অপৰাধ হোৱাৰ দিশে তিনি তালাক, অধ্যেদেশত অনুমোদন কেবিনেটৰ  •  এন আৰ চিক লৈ উচ্চতম ন্যায়ালয়ত আজি গুৰুত্বপূৰ্ণ শুনানি  •  বিহালীত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু  •  নগাঁৱত অবৈধ মাৰণাস্ত্ৰৰ উজান! ধিঙত সুৰাৰ আড্ডাত গুলীচালনাত এজন আহত  •  বাক্সাৰ বগামাটিত বন্যহস্তীৰ আক্ৰমণত ২জন আহত  •  'এমাজন'ত অক্টোবৰৰ পৰা পাব আৰ এছ এছৰ গোমূত্ৰ-গোবৰৰ চাবোন, টুথপেষ্ট  •  'এমাজন'ত অক্টোবৰৰ পৰা পাব আৰ এছ এছৰ গোমূত্ৰ-গোবৰৰ চাবোন, টুথপেষ্ট  •  ঘৰলৈ ওভতাৰ পথত অন্ধ্ৰপ্ৰদেশৰ ৰেল ষ্টেশ্যনত অসমৰ যুৱকক হত্যা  •  গুৰুজনাৰ ৫৭০ সংখ্যাক আৱিৰ্ভাৱ তিথিত পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ চৌদিশ  •  দুৰ্বল হংকঙৰ বিৰুদ্ধে ২৬ ৰানত ভাৰতৰ কষ্টকৰ জয়, আজি সমুখত পাকিস্তান

কেৱল মহাকাশৰ খবৰ লৈ আহি আছে এটা নতুন টিভি চেনেল

937

ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থা চমুকৈ ‘ইছৰো’ৱে অচিৰেই মুকলি কৰিব এটা দূৰদৰ্শন চেনেল। এই চেনেলটোত মহাকাশ আৰু বিজ্ঞান প্ৰযুক্তি সম্পৰ্কীয় দিশ সামৰি বিভিন্ন ধৰণৰ অনুষ্ঠান পৰিৱেশন কৰা হ’ব।

ইংৰাজীৰ লগতে দেশত প্ৰচলিত কেইবাটাও ভাষাত অনুষ্ঠান সমূহ পৰিৱেশনৰ দিহা কৰা হৈছে। অহা ৩-৪ মাহৰ ভিতৰতে এই নতুন চেনেলটো আনুষ্ঠানিক ভাৱে মুকলি কৰা হ’ব বুলি ঘোষণা কৰিছে ‘ইছৰো’ৰ অধ্যক্ষ কে শিৱানে।

ভাৰতৰ গ্ৰামীণ অঞ্চলত মহাকাশ সম্পৰ্কীয় বিভিন্ন জ্ঞান প্ৰদানৰ জৰিয়তে শিশুসকলক এই ক্ষেত্ৰলৈ আকৰ্ষিত কৰিবৰ বাবে অহৰহ প্ৰচেষ্টা চলাব চেনেলটোৱে। খবৰ অনুসৰি ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ জনক বিক্ৰম সাৰাভাইৰ ৯৯ সংখ্যক জন্মজয়ন্তীত এই চেনেলটোৰ শুভাৰম্ভ কৰা হ’ব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি