কোৰোনাক লৈ চিন্তুিতঃ পুনৰ অসমৰ ৰেল ষ্টেশ্যন, বিমান বন্দৰত কৰা হ’ব কোভিড টেষ্ট…

কোৰোনাক লৈ চিন্তুিতঃ পুনৰ অসমৰ ৰেল ষ্টেশ্যন, বিমান বন্দৰত কৰা হ’ব কোভিড টেষ্ট…

ডিজিটেল ডেস্কঃ প্ৰচাৰ হোৱাৰ দৰে অসমত কোৰোনাই তেনে ৰূপ লোৱা নাই বুলি স্বাস্থ্যমন্ত্ৰীয়ে ঘোষণা কৰিলেও শেহতীয়াকৈ দেশৰ কোৰোনাকেন্দ্ৰিক পৰিস্থিক লৈ চিন্তিত হৈ পৰিছে ৰাজ্য চৰকাৰ। সেয়েহে ২৬ ফেব্ৰুৱাৰী ২০২১ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ তৰফৰ পৰা জাৰি কৰা হল এক বিশেষ নিৰ্দেশনা।

এই নিৰ্দেশনাত নিৰ্দেশ প্ৰদান কৰা হৈছে এতিয়াৰে পৰা অসমৰ ৰেল ষ্টেশ্যন, বিমান বন্দৰত পুনৰ কৰা হব ক'ভিড পৰীক্ষা। শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এই সচেতনা অৱলম্বন কৰা বুলি এই নিৰ্দেশনা উল্লেখ কৰা হৈছে। উল্লেখ্য যে, যোৱা ১ মাৰ্চৰ পৰা পৰীক্ষা ৰেহাই দিয়াৰ পূৰ্বৰ নিৰ্দেশ এই নিৰ্দেশনাৰ জৰিয়তে প্ৰত্যাহাৰ কৰিছে স্বাস্থ্য বিভাগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in