গুৱাহাটীকে ধৰি দেশৰ ৫ উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নিযুক্তিত কলেজিয়ামৰ অনুমোদন

গুৱাহাটীকে ধৰি দেশৰ ৫ উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নিযুক্তিত কলেজিয়ামৰ অনুমোদন

ডিজিটেল ডেস্কঃ দেশৰ সৰ্ব্বোচ্চ ন্যায়ালয়ৰ কলেজিয়ামে কলিকতা, বোম্বে, উত্তৰাখণ্ড, ছিকিম আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নিযুক্তিৰ বাবে অনুমোদন জনাইছে। দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ মদন বি লোকুৰ আৰু কুৰিয়ান যোচেফৰ কলেজিয়ামে ৯ অক্টোবৰত উচ্চ ন্যায়ালয় কেইখনৰ নতুন ন্যায়াধীশ নিযুক্তিৰ বাবে অনুমোদন জনায়।

উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ নতুন অনুমোদনৰ ভিত্তিত ন্যয়াধীশ এন এইছ পাটিলক বোম্বে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কলেজিয়ামে অনুমোদন জনায়। উল্লেখ্য যে, মুখ্য ন্যায়াধীশ মঞ্জুলা চেল্লুৰৰ অৱসৰ গ্ৰহণৰ পিছত বোম্বে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদটো খালী হৈ আছিল।

ইফালে কলেজিয়ামে কলিকতা উচ্চ ন্যায়ালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ জ্যোতিৰ্ময় ভট্টাচাৰ্যৰ স্থানত মুখ্য ন্যায়াধীশ হিচাপে অনুমোদন জনায় ন্যায়াধীশ ডি কে গুপ্তাক। ন্যায়াধীশ ডি কে গুপ্তা কলিকতা উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত ন্যায়াধীশ হিচাপে কৰ্মৰত।

হায়দৰাবাদ উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ ৰমেশ ৰংগনাথনক কলেজিয়ামে উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে অনুমোদন জনায়। মুখ্য ন্যায়াধীশ কে এম যোচেফক উচ্চতম ন্যায়ালয়লৈ পদন্নোতি হোৱাৰ পিছতে উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদ খালী হৈ আছিল।

আনহাতে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এ এছ বোপান্নাক অনুমোদন জনায়। মুখ্য ন্যায়াধীশ অজিত সিঙৰ অৱসৰ গ্ৰহণৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদ খালী হৈ আছিল।

উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ বিজয় কুমাৰ বিষ্টক কলেজিয়ামে ছিকিম উচ্চ ন্যায়ালয়ৰ পৰৱৰ্তী ন্যায়াধীশ নিযুক্তিৰ বাবে অনুমোদন জনাইছে। অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ এছ কে অগ্নিহোত্ৰীৰ পদত নিযুক্তি লাভ কৰিব ন্যায়াধীশ বিজয় কুমাৰ বিষ্ট-এ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in