বলীউডত সঘন লোডশ্বেডিং… ‘বট্টি গোল মিটাৰ চালু’

বলীউডত সঘন লোডশ্বেডিং… ‘বট্টি গোল মিটাৰ চালু’

ডিজিটেল ডেস্কঃ 'ফিউজ বাল্বেৰে বিল্পৱ নহয়'। বিদ্যুতৰ সমস্যাক মূল বিষয় হিচাপে লৈ অচিৰেই ছবি গৃহলৈ আহি আছে পৰিচালক নাৰায়ণ সিঙৰ নতুন ছবি 'বট্টি গোল মিটাৰ চালু'।

অভিনেতা চাহিদ কাপুৰ আৰু শ্ৰদ্ধা কাপুৰ অভিনীত এই ছবিখন মুক্তি পাব এই বৰ্ষৰে ২১ ছেপ্তেম্বৰত। অভিনেতা চাহিদ কাপুৰে ছ'চিয়েল মিডিয়াৰ যোগেদি ছবিখনৰ ফাৰ্ষ্ট পষ্টাৰখন ৰিলিজ কৰে ৯ আগষ্টৰ নিশা।

ছবিখনৰ ট্ৰেইলাৰ মুকলি হ'ব অহা ১০ আগষ্টৰ দিনৰ ১২:৩০ বজাত। চাহিদ, শ্ৰদ্ধাৰ লগতে এই ছবিখনত অভিনয় কৰিব মোহময়ী অভিনেত্ৰী য়ামী গৌতমেও।

স্বাধীনতাৰ ৭০ বছৰ পিছতো দেশৰ শক্তিখণ্ডৰ দুৰৱস্থাক মূল বিষয় হিচাপে লৈ নিৰ্মাণ কৰা ছবিখনে দৰ্শকৰ সহাঁৰি বুটলিবলৈ সক্ষম হ'ব বুলি ধাৰণা কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in