চিবিএফচি, গুৱাহাটীত ১৫ সদস্যৰ নিযুক্তি

চিবিএফচি, গুৱাহাটীত ১৫ সদস্যৰ নিযুক্তি

ডিজিটেল সংবাদ, গুৱাহাটীঃ ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অধীনস্থ চেন্ট্ৰে'ল বোৰ্ড অৱ ফিল্ম চাৰ্টিফিকেচন চমুকৈ চিবিএফচি, গুৱাহাটীৰ সদস্য ৰূপে ১৫জনক নিযুক্তি দিয়া হৈছে।

চিবিএফচিৰ উপদেষ্টা পেনেলত নিযুক্তি লাভ কৰা সদস্যকেইগৰাকী হৈছে- শৈলেন্দ্ৰ পাণ্ডে, গায়ত্ৰী মহন্ত, ড০ জুৰি শৰ্মা, হেমন্ত কুমাৰ চাহু, দয়ালকৃষ্ণ নাথ, অজয় কুমাৰ মাহাতো, অজিত বৰা, ড০ জয়শ্ৰী পাঠক, অনুৰাগ ৰুদ্ৰ, কবিতা দেৱী, নীতিমা শৰ্মা, প্ৰিয়ংকা বৰুৱা, পূৰবী নাথ চলিহা, ৰঞ্জিত মজুমদাৰ আৰু সত্যৰঞ্জন বৰা।

উল্লেখ্য যে, ভাৰত চৰকাৰৰ অৱৰ সচিব পি কে ঝাৰ স্বাক্ষৰিত এক অধিসূচনাৰ জৰিয়তে দুবছৰৰ বাবে সদস্য কেইগৰাকীক নিযুক্তি দিয়া হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in