অসম পালেহি হাৰ্ভেষ্টিং কিং! ৫ মিনিটত কাটিব পাৰিব এবিঘা মাটিৰ ধান

অসম পালেহি হাৰ্ভেষ্টিং কিং! ৫ মিনিটত কাটিব পাৰিব এবিঘা মাটিৰ ধান

ডিজিটেল সংবাদ, লখিমপুৰঃ ৰাজ্যৰ কৃষি ক্ষেত্ৰত অত্যাধুনিক কৃষি প্ৰযুক্তিৰ উপলব্ধ হৈছে৷ যি দৃশ্য হয়তো আপুনি কেতিয়াবা টেলিভিশ্যনৰ পৰ্দাত বা ইউটিউবত দেখিছে সেই দৃশ্য উপলব্ধ হৈছে এইখন অসমতে৷ বৈজ্ঞানিক প্ৰযুক্তিৰে কৃষি কৰ্ম সম্পাদনৰ কথাটো কেইবছৰ মান পূৰ্বলৈকে ৰাজ্যত কল্পনাৰো অতীত আছিল৷ বলধ গৰু হালৰ যোগেদি হাল বাই মাটি চহ কৰা, মৰণা মৰাৰ দৃশ্য অসমৰ শ্ৰমজীৱী কৃষক সমাজৰ চিৰপৰিচিত সুলভ দৃশ্য আছিল৷

কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে হালৰ গৰুহালৰ ঠাইত ক্ৰমান্বয়ে ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আদিৰে মাটি চহ কৰিবলৈ ল'লে কৃষকে৷ ৰোৱনীৰ ঠাইত ভূঁই ৰোৱা যন্ত্ৰ উপলব্ধ হ'ল৷ যাৰ ফলত গঞা কৃষক ৰাইজৰ ঘৰ্মাক্ত শ্ৰম লাঘৱ হ'ল, কৃষি কৰ্মত ব্যয় কৰা মূল্যবান সময় ৰাহি হ'ল৷ কিন্তু বিদেশৰ দৰে নাইবা ভাৰতৰে পাঞ্জাৱ, বিহাৰ, উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যত ইতিপূৰ্বে প্ৰয়োগ হোৱা ধান চপোৱা কৃষি প্ৰযুক্তি যে আমাৰ ৰাজ্যত উপলব্ধ হ'ব সেই কথা সুদূৰ পৰাহত আছিল৷

পিছে বানে ধোৱা লখিমপুৰৰ পথাৰত আঘোণৰ বতৰত উপলব্ধ হৈছে অত্যাধুনিক ধান চপোৱা কৃষি প্ৰযুক্তি৷ আঘোণৰ সোণোৱালী ধাননিত দাৱনীৰ ঠাই পূৰাবলৈ আহিল হাৰ্ভেষ্টিং কিং৷ নাওবৈছাৰ পথাৰত দেখিবলৈ পোৱা গৈছে হাৰ্ভেষ্টিং কিং৷ অৰ্থাৎ যন্ত্ৰচালিত অত্যাধুনিক ধান চপোৱা বাহন৷ যাৰ জৰিয়তে ৫ মিনিটৰ ভিতৰত এবিঘা ধাননিৰ ধান কাটি গুটি ধান চপাব পৰা গৈছে৷

উল্লেখ্য যে বিহপুৰীয়াৰ এজন উদ্যোগী যুৱকে পাঞ্জাৱৰ পৰা লীজত অসমলৈ আমদানি কৰিছে হাৰ্ভেষ্ট কিং নামৰ তিনিখনকৈ ধান চপোৱা যন্ত্ৰ চালিত বাহন৷ সম্প্ৰতি কামৰূপ, নগাঁও আৰু লখিমপুৰত বাহন তিনিখন পকা ধান চপোৱা কাৰ্যত প্ৰয়োগ কৰা হৈছে৷ প্ৰণিধানযোগ্য যে, হাৰ্ভেষ্ট কিঙে এবিঘা মাটিৰ ধান ৫ মিনিটৰ ভিতৰত কাটি কৃষকক গুটি ধান যোগান ধৰে৷ ইয়াৰ দ্বাৰা কৃষকৰ ধান চপোৱা, মৰণা মৰা আদি শ্ৰম লাঘৱ হৈছে৷

স্মৰ্ত্তব্য যে, একোখন হাৰ্ভেষ্টিং কিং বাহনৰ দাম প্ৰায় ২৫-৩০ লাখ টকা৷ মঙলবাৰে নাওবৈছাৰ কেইবা হাজাৰ হেক্টৰ পকা ধান চপাই ঘৰলৈ নিয়ে কৃষক সকলে হাৰ্ভেষ্ট কিঙৰ দ্বাৰা৷ যি সময়ত চৰকাৰ আৰু ৰাজ্যৰ বিয়াগোম কৃষি বিভাগটোৱে ৰাজ্যৰ কৃষকক এই অত্যাধুনিক ধান চপোৱা কৃষি প্ৰযুক্তি যোগান ধৰিব পৰা নাই সেই সময়ত স্থানীয় যুৱকে বাহিৰৰ প্ৰযুক্তি আমদানি কৰি ধান চপোৱা কাৰ্যত আনন্দ ব্যক্ত কৰিছে কৃষকসকলে।

পূৰ্বৰ দৰেই এতিয়া খেতি পথাৰেৰে চহকী নহয় অসম। ৰাজ্যখনৰ বহু কৃষিভূমিত এতিয়া গঢ়ি উঠিছে সৰু-বৰ অনেক উদ্যোগ-কাৰখানা। যাৰ ফলত হ্ৰাস পাইছে কৃষকৰ কৃষি ভূমি। বহুতে আকৌ ধনৰ বিনিময়ত বহিৰাগতৰ হাতত এৰি দিছে একালৰ শইচ সোণোৱালী পথাৰ। আনহাতে প্ৰলয়ংকাৰী বান, গৰাখহনীয়াতো বছৰি হাজাৰ হাজাৰ বিঘা কৃষিভূমি নৈৰ বুকুত জাহ গৈ আহিছে। এনে পৰিস্থিতিত এতিয়া ৰাজ্যৰ খুব কম সংখ্যক কৃষকহে কৃষি কৰ্মত একাণপতীয়াকৈ নিয়োজিত হৈ আছে। আৰু যিসকলে এতিয়াও খেতি কৰি আছে, তেওঁলোকৰ ওচৰতো উৎপাদনক্ষম কৃষি ভূমিৰ পৰিমাণ কমি গৈছে। ইফালে ৰাজ্যখনৰ ডাঙৰ খেতিয়কসকলৰ লগতে ক্ষুদ্ৰ খেতিয়কসকলৰ কৃষি ভূমিৰ সৈতে খাপ খোৱা সা-সঁজুলি বা যোগান ধৰাৰ দিশতো চৰকাৰৰ উদাসীন মনোভাৱেও বহু কৃষকৰ মনত কৃষি কাৰ্যৰ প্ৰতি অনিহা জন্মাই আহিছে।

অসমৰ বৰ্তমানৰ এই প্ৰেক্ষাপটলৈ চাই কৃষি পথাৰত বহিঃৰাজ্যৰ পৰা আমদানি কৰা অত্যাধুনিক প্ৰযুক্তিৰ প্ৰয়োজনীয়তাক লৈও বিভিন্নজনে প্ৰশ্ন তুলিছে। প্ৰণিধানযোগ্য যে, পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ আদি ৰাজ্যত হাজাৰ হাজাৰ বিঘা কৃষিভূমিত খেতি কৰি আহিছে কৃষকসকলে। এজন কৃষকে অকলেই কেইবা বিঘা কৃষিভূমিক কৃষি কাৰ্য সম্পাদন কৰে। তেনে পৰিস্থিতিত সেই কৃষকসকলৰ শাৰিৰীক শ্ৰম লাঘৱ কৰাৰ বাবে হাৰ্ভেষ্টিং কিঙৰ দৰে অত্যাধুনিক প্ৰযুক্তিৰ প্ৰয়োজনীয়তা আছে।

কিন্তু অসমৰ দৰং, বৰপেটা, ধুবুৰী, লখিমপুৰকে, গোলাঘাট, শিৱসাগৰ ধৰি মাত্ৰ কেইখনমান জিলাতহে এতিয়া একোজন কৃষকে ১০ বা ততোধিক বিঘা মাটিত খেতি কৰে। তেনে জিলা সমূহৰ কৃষকৰ বাবে হাৰ্ভেষ্টিং কিঙৰ দৰে অত্যাধুনিক প্ৰযুক্তিৰ প্ৰয়োজন নুই কৰিব নোৱাৰি যদিও অন্য প্ৰান্তৰ ক্ষুদ্ৰ খেতিয়কসকলে এনে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ গৈ তাৰ বিনিময়ত হ'ব পৰা ব্যয় কৃষি কাৰ্যৰ উৎপাদনতকৈ অধিক হ'লে সেয়া বহন কৰিবলৈ যে অসুবিধাৰ সন্মুখীন হ'ব তাৰ প্ৰতিও গুৰুত্ব দিয়া উচিত।

মঙলবাৰে হাৰ্ভেষ্ট কিঙৰ ধান চপোৱা দৃশ্য উপভোগ কৰে নাওবৈছাৰ পথাৰত গৰিষ্ঠসংখ্যক লোকে৷ কিন্তু তাৰ মাজতেই এটা চিন্তাই ক্ৰিয়া কৰিছে বহুতৰে মনত। অসমীয়াৰ পৰিচয়সদৃশ বলধ হালৰ দৰেই অচিৰেই ৰাজ্যৰ পথাৰৰ পৰা নোহোৱা হৈ যাব নেকি দাৱনীৰে ভৰি পৰা আঘোণৰ পথাৰৰ সেই চিৰ পৰিচিত ছবি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in