নিউ জলপাইগুৰি ৰেল দুৰ্ঘটনাঃ নিহতলৈ ৫ লাখ, আহতলৈ ১ লাখৰ আৰ্থিক সাহায্য ঘোষণা…

নিউ জলপাইগুৰি ৰেল দুৰ্ঘটনাঃ নিহতলৈ ৫ লাখ, আহতলৈ ১ লাখৰ আৰ্থিক সাহায্য ঘোষণা…

ডিজিটেল ডেস্কঃ নিউ জলপাইগুৰিত লাইচ্যুত হৈ দুৰ্ঘটনাত পতিত হোৱা বিকানেৰ এক্সপ্ৰেছৰ নিহত আৰু আহত যাত্ৰীলৈ আৰ্থিক সাহায্য আগবঢ়াইছে ৰে'লৱে কৰ্তৃপক্ষই। এই দুৰ্ঘটনাত নিহতসকলৰ বাবে ৫ লাখকৈ টকাৰ সাহায্য আগবঢ়োৱাৰ লগতে আহতসকললৈ ১ লাখ আৰু সামান্য আঘাতপ্ৰাপ্তসকললৈ ২৫ হাজাৰ টৰা ঘোষণা কৰিছে ৰে'লৱে কৰ্তৃপক্ষই।

বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫ বজাত দুৰ্ঘটনাত পতিত হোৱা ৰেলখনত আছিল মুঠ ১০৫৩ গৰাকী যাত্ৰী। আনহাতে যিকেইটা ডবা লাইনচ্যুত হৈ বাগৰি পৰিছিল সেই ডবা কেইটাত আছিল মুঠ ৫৭৭ গৰাকী যাত্ৰী। আনহাতে এই ৰেলখনত অসমৰ ২৯০ গৰাকী লোক আছিল।

অসমৰ লোকসকলক দুৰ্ঘটনাস্থলীৰ পৰা গুৱাহাটীলৈ আনিবলৈ ৰাজ্য চৰকাৰৰ উদ্যোগত বিশেষ ৰে'লৰ সহায়ত অসম আৰক্ষীয়ে গুৱাহাটীলৈ লৈ আহিছে। এই ২৯০ জন যাত্ৰীৰ ভিতৰত ২৩ জন যাত্ৰীয়ে বঙাইগাওঁ ষ্টেচনত নমাৰ পৰিৱৰ্তে আন যাত্ৰীসকল গুৱাহাটীলৈ আহিছে।

ইফালে পশ্চিমবংগৰ প্ৰশাসনৰ প্ৰকাশ কৰা তথ্য অনুসৰি বৃহস্পতিবাৰে নিশা পৰ্যন্ত এই দুৰ্ঘটনাৰ ফলত মুঠ ৮ গৰাকী লোকৰ মৃত্যু হৈছে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে ৪২ জনক। আহত আটাইকেইজনকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে ২৮ জন আহত বৰ্তমানেও জলপাইগুৰি ছুপাৰ স্পেচিয়েলিটি হাস্পাতালত ভৰ্তি হৈ আছে।

আনহাতে অসমলৈ বিশেষ ৰেলৰ সহায়ত অহা ২০ গৰাকী যাত্ৰীৰ মাজতো আছে বহু কেইজন আহত। এই আহতসকলৰো প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। গুৱাহাটীত আহি উপস্থিত হোৱা সকলো যাত্ৰীয়েই যাতে সুৰক্ষিত ভাৱে নিজ গৃহত গৈ উপস্থিত হ'ব পাৰে তাৰ বাবে ১০ খনকৈ বাছৰ ব্যৱস্থা কৰা হৈছে। পৰিবহণ বিভাগৰ উদ্যোগত এই ব্যৱস্থা হাতত লোৱা হৈছে। বিশেষ ৰে'লৰ জৰিয়তে অসমত আহি উপস্থিত হোৱা লোকসকলৰ সম্পূৰ্ন দিশ তদাৰক কৰিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝায়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in