নিবনুৱালৈ সুখবৰ! ২০১৯ত কোন বিভাগত ওলাব কিমান চাকৰি…

নিবনুৱালৈ সুখবৰ! ২০১৯ত কোন বিভাগত ওলাব কিমান চাকৰি…

ডিজিটেল ডেস্কঃ নতুন বৰ্ষলৈ আৰু মাত্ৰ কেইটমান দিন বাকী। দেশৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে ভাল খবৰ কঢ়িয়াই আনিব ২০১৯-এ। অহা বৰ্ষত সমগ্ৰ দেশজুৰি মুকলি কৰা হ'ব বহু চৰকাৰী বিভাগৰ পদ। ইয়াৰোপৰি বহু বিভাগৰ খালী পদৰ বাবে ২০১৮ৰ অন্তিম ভাগত বিজ্ঞাপন ওলোৱা হৈছিল যিবোৰ পদত যুৱক-যুৱতীসকলে নিযুক্তি লাভ কৰিব ২০১৯ত। লগতে অহা বৰ্ষত বহু নতুন চৰকাৰী বিভাগৰ চাকৰিৰ বাবে বিজ্ঞাপন দিয়া হ'ব। ২০১৯ত ৰেলৱে, এছএছচি, বেংক, চিআৰপিএফ, বিএছএফ, আৰক্ষী আৰু শিক্ষা বিভাগৰ বহু সংখ্যক খালী পদৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হ'ব। কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰেও নতুনকৈ মুকলি কৰিব বহু চাকৰি। নতুন মুকলি কৰা বিভিন্ন বিভাগ সমূহ ক্ৰমে-

১. ৰেলৱে (আৰ আৰ বি) গ্ৰু চি আৰু গ্ৰু ডিঃ

ৰেলৱে বিভাগৰ গ্ৰুপ চি আৰু গ্ৰুপ ডিৰ বহু পদৰ বাবে ২০১৮চনৰ আৰম্ভণিতেই বিজ্ঞাপন দিছিল। গ্ৰুপ চিৰ এল এল পি, টেকনিচিয়েনৰ বাবে ৬০হাজাৰো অধিক পদত নতুনকৈ নিয়োগ কৰা হ'ব যুৱক-যুৱতীক। ইয়াৰ বিপৰীতে গ্ৰুপ ডিত ৬২,৯০৭ টা পদত নতুনকৈ ভৰ্তি কৰোৱা হ'ব দেশৰ নিবনুৱাক। ইয়াৰ পাছত গ্ৰুপ চি আৰু ডিৰ পৰৱৰ্তী পৰীক্ষাসমূহ ২০১৯ত অনুষ্ঠিত হ'ব।

২. এছ এছ চিঃ

এছ এছ চিত জিডি কনিষ্টবল পদৰ বাবে ৫৪,৯৫৩টা পদৰ বাবে চলিত বৰ্ষৰ জুলাই মাহতে বিজ্ঞাপন দিয়া হৈছিল। এই পদসমূহ আছিল ক্ৰমে- বিএছএফ, চিআইএফএফ, চিআৰপিএফ, আইটিবিপি, এছএছবি, এনআইএ, এছএছএফ আৰু অসম ৰাইফল আৰু ৰাইফল মেনৰ। এই পদসমূহত নিবনুৱা নিয়োগৰ কাম অহা বৰ্ষৰ পৰা আৰম্ভ হ'ব বুলি আশা কৰা হৈছে।

৩. বেংকঃ

আইবিপিএছে ২০১৮চনত কেবাটাও পদৰ বাবে বিজ্ঞাপন দিছিল। আই বি পি এছে সহায়ক পদৰ বাবে ৭,২৭৫টা, প্ৰ'বেশ্যনৰী অফিচাৰ ৪হাজাৰ, অফিচ এছিছটেন্ট আৰু অফিচাৰ স্কেল ১, ২, ৩ৰ ১০,২০০টা আৰু এছ অ' পদৰ বাবে ১৫৯৯টা পদত নিবনুৱা যুৱক-যুৱতীৰ নিয়োগৰ বাবে খালী পদৰ বিজ্ঞাপন দিয়া হৈছিল। ইয়াৰে প্ৰায়ভাগ পদৰ বাবে বাচনি পৰীক্ষা ইতিমধ্যে অনুষ্ঠিত হয়। আৰু বাকীবোৰ বাচনি প্ৰক্ৰিয়া ২০১৯ত অনুষ্ঠিত হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in