নতুন বছৰত সোণ কিনিব নেকি? জুৱেলাৰীলৈ যাওঁতে পৰীক্ষা কৰক বুধবাৰৰ পৰা বাধ্যতামূলক হোৱা নতুন হল মাৰ্ক ব্যৱস্থা…

নতুন বছৰত সোণ কিনিব নেকি? জুৱেলাৰীলৈ যাওঁতে পৰীক্ষা কৰক বুধবাৰৰ পৰা বাধ্যতামূলক হোৱা নতুন হল মাৰ্ক ব্যৱস্থা…

ডিজিটেল ডেস্কঃ বৰ্তমান মাঘ বিহুৰ সময়। এই মাঘবিহুৰ শেষৰ ফালৰ পৰাই আৰম্ভ হ'ব ৰাজ্যত বিয়াৰ সময়। অহা ব'হাগ-জেঠ মাহলৈকে এই সময়চোৱাতেই অসমকে ধৰি দেশত সম্পাদন হ'ব অসংখ্য বিবাহৰ লগতে অন্যান্য পাৰিবাৰিক উৎসৱো।

এনে উৎসৱৰ বতৰ মানেই গহণা আৰু কাপোৰ ব্যৱসায়ীৰো বতৰ। পিছে এইবাৰ এই উৎসৱৰ বতৰৰ আৰম্ভণিতেই চৰকাৰৰ কঠোৰ নীতি-নিৰ্দেশনাই গহণা ব্যৱসায়ীলৈ বেয়া খবৰ অনাৰ বিপৰীতে দৰা-কইনাৰ পৰিয়াললৈ আনিছে ভাল খবৰো।কিয়নো বুধবাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰে গহণা বিপনীসমূহত বাধ্যতামূলকভাৱে বলবৎ কৰিছে নতুন হলমাৰ্ক ব্যৱস্থা।

১৪, ১৮ আৰু ২২ কেৰেটৰ সোণৰ গহণাৰ ক্ষেত্ৰত তিনিটা শ্ৰেণীত এই নতুন হলমাৰ্ক ব্যৱস্থা বাধ্যতামূলক কৰা হৈছে। যাৰ ফলত নিম্নমানৰ সোণ বিক্ৰীৰ লগতে ওজনৰ তাৰতম্যৰে গ্ৰাহকক প্ৰবঞ্চনা কৰি অহা অলংকাৰ ব্যৱসায়ীসকলৰ মূৰত পৰিব মাধমাৰ।

আপোনাৰ ঘৰতো যদি কাৰোবাৰ বিয়া, তেনেহ'লে গহণা কিনিবলৈ যাওঁতে এতিয়াৰে পৰা সতৰ্ক হওঁক আৰু পৰীক্ষা কৰক গহণা হলমাৰ্ক মোহৰ। যাতে আপুনি এয়া পৰীক্ষা কৰিলে নিশ্চিত হ'ব পাৰিব যে আচল-নকল সোণ পৰীক্ষণৰ নিজা সজুলি আপোনাৰ হাতত নথকাৰ বাবেই ভয়ানকভাৱে প্ৰবঞ্চিত হোৱাৰ পৰা কিদৰে আপুনি ৰক্ষা পৰিব। কেৱলসেয়াই নহয়, ওজনত ফাকি দিয়াৰ পৰাও আপুনি ৰক্ষা পৰিব।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে এইজুৱেলাৰী বিপনিসমূহৰ অলংকাৰসমূহ বিআইএছত পঞ্জীভূত কৰিবলৈ ১ বছৰৰ সময়সীমা বান্ধিদিছে। লগতে বৰ্তমান ব্যৱসায়ীসকলৰ হাতত মজুত থকা সোণৰ অলংকাৰ সমূহ বিক্ৰী কৰিবপাৰিব এই ১ বছৰ অতিৰিক্ত সময়চোৱাত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in