নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা মণ্ডপত থিয় নামৰ বিশেষ অনুষ্ঠান… VIDEO

নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা মণ্ডপত থিয় নামৰ বিশেষ অনুষ্ঠান… VIDEO

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যৰ চৌদিশে মহানৱমী উদযাপন। লগতে মহানগৰীতো পূজা উপলক্ষে দেখা গৈছে উখল-মাখল পৰিৱেশ। মহানৱমীৰ দিনা সোমবাৰে নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা মণ্ডপত পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজৰ ভিৰ।

মহানৱমীৰ সন্ধিয়া ভাগলৈ থিয় নামৰ আয়োজন কৰা হয় নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা মণ্ডপত। অগণন ভক্তপ্ৰাণ ৰাইজে উপভোগ কৰে এই থিয় নাম।

লক্ষ্যণীয়ভাৱে, নিউ গুৱাহাটী গণেশ মন্দিৰ পথৰ এই পূজাত এইবেলি সম্পূৰ্ণৰূপে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক বৰ্জন কৰি কাগজৰ সামগ্ৰীত ভক্তক প্ৰদান কৰা হয় ভোগ-প্ৰসাদ। ইয়াৰোপৰি প্ৰসাদ ঘৰলৈ নিবৰ বাবে সমিতিৰ ফালৰ পৰা যোগান ধৰা হয় কাপোৰৰ মোনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in