শেহতীয়া খবৰ
চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ শেষৰ দিনটোত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে কোৰোনাই... • আজি দিনৰ ১১বজাত প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • এমাহ ধৰি সন্ধানহীন ভকচং হাতীগড়ৰ দুই সন্তানৰ পিতৃ... • আৰু ৩১জনৰ দেহত কোভিড-১৯, বহিঃৰাজ্যৰ পৰা বিমানেৰে অহা ২০জন আক্ৰান্ত কোৰোনাত... • কোৰোনাৰ পাছত বানৰ তাণ্ডৱ অসমত! ৬জনে হেৰুৱাইছে প্ৰাণ... • বৰক্ষেত্ৰীৰ লাৰকুছিত উপস্থিত হৈ গৰাখহনীয়া পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ... VIDEO • ওদালগুৰিত বিগত ২৪ ঘণ্টাত ১২জনকৈ লোক কোৰোনাত আক্ৰান্ত... • PUBG খেলাৰ বাবেই ম’বাইল চুৰি কৰি আৰক্ষীৰ জালত ২ কিশোৰ...

নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা মণ্ডপত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি…

183

ডিজিটেল ডেস্কঃ ৰাজ্যজুৰি মঙলবাৰে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ অষ্টম বাৰ্ষিক মৃত্যু দিৱস উদযাপন কৰিছে। মঙলবাৰে সকলোৱে ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাক জনাইছে শ্ৰদ্ধাঞ্জলি। ইফালে, নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা সমিতিৰ উদ্যোগত বিগত বছৰসমূহৰ দৰে মঙলবাৰেও সুধাকণ্ঠগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয়।

৬.৩০ বজাত বন্তি প্ৰজ্বলন আৰু ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত পুষ্পাঞ্জলি প্ৰদানেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে প্ৰখ্যাত ছিতাৰ বাদক ক্ষেত্ৰ হাজৰিকা আৰু বিশিষ্ট বাঁহীবাদক পৰমেশ্বৰ বসুমতাৰীয়ে। সুৰ সমলয়ৰ মাজেৰে শ্ৰদ্ধাঞ্জলি পৰ্বৰ এই আকৰ্ষণীয় অনুষ্ঠানৰ পাছতেই আতকধুনীয়াকৈ সজোৱা ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ বৃহৎ প্ৰতিচ্ছবিৰ বেক ড্ৰ’প সংলগ্ন মুকলি মঞ্চত শিশু শিল্পী দেৱজ্ঞান প্ৰতীম দুৱৰাই পৰিৱেশন কৰা সুধাকণ্ঠৰ গীতেৰে আৰম্ভ হয় ভাৰতৰত্ন মহান শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে অনুষ্ঠিত কৰা মনমোহা সাংস্কৃতিক অনুষ্ঠানটি।

উল্লেখ্য যে, বিগত ৭ বছৰে একেৰাহে সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰি আহিছে নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা সমিতিয়ে। কেন্দ্ৰীয় চৰকাৰে মৰণোত্তৰভাৱে সুধাকণ্ঠলৈ ভাৰতৰত্ন উপাধি প্ৰদান কৰাৰ পাছত এইবাৰ অধিক আকৰ্ষণীয়কৈ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি