কোৰোনাৰ হেল্পলাইন নম্বৰলৈ ফোন কৰি ভাগৰিল বৃদ্ধ পিতৃ! অসুস্থ ছাত্ৰৰ ঘৰলৈ ৩০ ঘন্টাৰ পিছতহে আহিল ১০৮

কোৰোনাৰ হেল্পলাইন নম্বৰলৈ ফোন কৰি ভাগৰিল বৃদ্ধ পিতৃ! অসুস্থ ছাত্ৰৰ ঘৰলৈ ৩০ ঘন্টাৰ পিছতহে আহিল ১০৮

ডিজিটেল ডেস্কঃ যিসময়ত কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো ২১ দিনীয়া লকডাউন ঘোষণা কৰা হৈছে। সামাজিক দুৰত্ব বজাই ৰাখি ইয়াক প্ৰতিৰোধ কৰাৰ বাবে বাহিৰৰ পৰা অহা লোকসকলৰ স্ক্ৰীনিঙৰ লগতে জ্বৰ আদিত ভোগা লোকসকলক হোম কুৱাৰেন্টাইনত ৰখাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে সম্ভাব্য ৰোগীৰ চিকিৎসাৰ বাবে চৰকাৰী চিকিৎসালয়সমূহত আন চিকিৎসা ব্যৱস্থা স্থানান্তৰিত কৰি দিয়া হৈছে বিশেষ চৰকাৰী হাস্পতালৰ পৰা। তদুপৰি মহানগৰীৰ বাটপথত চেনিটাইজেশ্যনকে ধৰি চৰকাৰে চিকিৎসা সম্পৰ্কীয় বিভিন্ন পৰিকল্পনাৰ কথা ঘোষণা কৰিছে যদিও এটাও কোৰোনা আক্ৰান্তৰ ঘটনা ধৰা নপৰা অৱস্থাতেই ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ ফোপোলা স্বৰূপ খোদ মহানগৰীতে পোহৰলৈ আহিছে।

মঙলবাৰে ভৰলুমুখ থানাৰ অন্তৰ্গত শান্তিপুৰ হিল চাইদৰ বাংগালুৰুত কৰ্মৰত অজিত নাথ নামৰ যুৱকজনক প্ৰয়োজনীয় স্ক্ৰীনিঙৰ বাবে অসুস্থ অৱস্থাত চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ বাবে বাৰম্বাৰ যোগাযোগ কৰিও পৰিয়ালৰ লোক আৰু শান্তিপুৰ নিবাসী ৰাইজ কিদৰে ব্যৰ্থ হৈছিল এই বিষয়ে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণতে বাতৰি প্ৰকাশ পাইছিল।

আৰক্ষী, ১০৮ আৰু কোৰোনা হেল্পলাইন নম্বৰত বাৰম্বাৰ যোগাযোগ কৰি ব্যৰ্থ হোৱাৰ পিছত অৱশেষত এগৰাকী সাংবাদিকৰ সহযোগত লৰাজনৰ পিতৃ দুৰ্লভ নাথে নিজেই জিএমচিএইচলৈ তেওঁক আৰক্ষীৰ পিটনৰ আশংকাৰ মাজৰেই লৈ যাব লগাত পৰে। অৱশ্যে স্ক্ৰীনিঙত কোৰোনাৰ অৱস্থিতি নোপোৱাৰ বাবে চিকিৎসকে তেওঁক ঘৰলৈ পুনৰ পঠিয়াই যদিও নিজৰ ঘৰত সাৱধানতাৰে আছুতীয়াকৈ থকাৰ পৰামৰ্শ দিয়ে।

আনহাতে সেইদিনাই আহমেদাবাদৰ আইআইএমত অধ্যয়নৰত এগৰাকী মেধাৱী শিক্ষাৰ্থী বিমানযোগে নিউ গুৱাহাটীস্থিত স্ব-গৃহলৈ অহাৰ অৱস্থাত বিমানবন্দৰত তেওঁৰ স্ক্ৰীনিং কৰাৰ পিছত এই হোম কুৱাৰেন্টাইনত থকাৰ পৰামৰ্শৰে প্ৰেৰণ কৰাৰ পিছত বুধবাৰৰে পৰা তেওঁ অসুস্থ হৈ পৰে। উল্লেখযোগ্য যে, গুৱাহাটী আইআইটিৰ অধ্যয়ন সম্পূৰ্ণ কৰাৰ পিছত আহমেদাবাদৰ আইআইএমত অধ্যয়ন কৰি থকা ছাত্ৰগৰাকী শ্বাস-প্ৰশ্বাসজনিত ৰোগত পূৰ্বৰে পৰা আক্ৰান্ত আছিল যদিও শেহতীয়াকৈ তেওঁ জ্বৰ, বুকু আৰু পিঠিৰ বিষৰ লগতে উশাহ লোৱাৰ ক্ষেত্ৰতো কষ্ট পাই আছিল।

এনে পৰিস্থিতিত মেধাৱী শিক্ষাৰ্থীগৰাকীৰ বৃদ্ধ পিতৃ আৰু পৰিয়ালৰ লোকে একেদৰেই কোৰোনা হেল্পলাইন নম্বৰৰ লগতে ১০৮ আৰু আৰক্ষী থানাৰ সৈতে বাৰম্বাৰ যোগাযোগ কৰিও ব্যৰ্থ হোৱাৰ পিছত তেওঁলোকে বসবাস কৰা এপাৰ্টমেন্টটোৰ জনৈক চিকিৎসক আৰু আন এগৰাকী আৱাসীয়ে উপায়হীন হৈ সংবাদমাধ্যমৰ চিনাকি লোকৰ সৈতে যোগাযোগ কৰে। এনেদৰে বুধবাৰৰ দুপৰীয়াৰ পৰা বৃহস্পতিবাৰৰ সন্ধিয়া পৰ্যন্ত বিনা পৰীক্ষা অথবা চিকিৎসাৰে কটাবলগা হোৱাত অতি স্বাভাৱিকভাৱেই মেধাৱী ছাত্ৰজন শাৰীৰিকভাৱে অত্যন্ত দুৰ্বল হৈ পৰে। কিন্তু যোগাযোগ কৰাৰ ৩০ ঘন্টা উকলি যোৱাৰ পিছতো কোৰোনা হেল্পলাইন নম্বৰৰ জৰিয়তে তেওঁলোকে কোনো সহাৰি লাভ নকৰিলে। অৱশেষত বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭.৪৫ বজাত এখন ১০৮ উপস্থিত হোৱাত সেইখনৰ জৰিয়তেই ছাত্ৰজনক জিএমচিএইচলৈ প্ৰেৰণ কৰা হয়।

এই দুটা মাত্ৰ উদাহৰণে অসমত কিবাকৈ কোৰোনাত কোনো লোক আক্ৰান্ত হ'বলৈ হ'লে অথবা ইয়াৰ সংক্ৰমণ আৰম্ভ হ'লে সকলোধৰণৰ ব্যৱস্থা লোৱাৰ প্ৰস্তুতি চলোৱা ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে সেই পৰিস্থিতি কেনেদৰে চম্ভালিব তাৰ ইংগিতো বহন কৰিছে। সেয়ে সময় থাকোতেই কোৰোনাৰ পৰীক্ষা নিৰীক্ষা আৰু চিকিৎসাৰ প্ৰস্তুতিক অধিক সক্ৰিয় কৰি তোলাতো সকলোৱে বিচাৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in