গুৱাহাটীবাসীৰ বাবে ভাল খবৰ…

গুৱাহাটীবাসীৰ বাবে ভাল খবৰ…
  • শীঘ্ৰে নিৰ্মাণ হ'ব দিশপুৰৰ পৰা খানাপাৰা অভিমুখী আৰু ছুপাৰ মাৰ্কেটৰ পৰা লাষ্টগে'ট অভিমুখী জি এছ ৰোডৰ ওপৰত উৰণীয়া সেঁতু।
  • মুঠ ১২৭.২০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ'বলগীয়া উৰণীয়া সেঁতুখনৰ দৈৰ্ঘ্য হ'ব ১৪০০ মিটাৰ৷
  • উৰণীয়া সেঁতুখনৰ নিৰ্মাণৰ বাবে সময় ধাৰ্য কৰা হৈছে ৩৬ মাহ৷
  • ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজি (SOPD)ৰ অধীনত নিৰ্মাণ হ'বলগীয়া উৰণীয়া সেঁতুখনৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণি কৰা হয় দেওবাৰে৷
  • লাষ্টগেটত অনুষ্ঠিত শুভাৰম্ভণি অনুষ্ঠানত উৰণীয়া সেঁতুখনৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু গড়কাপ্টানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
  • অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, দিশপুৰৰ বিধায়ক অতুল বৰা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in