শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

গুৱাহাটীবাসীয়ে লাভ কৰিব আন এখন উৰণীয়া সেতুঃ জু-ৰোডত আৰম্ভ নিৰ্মাণকাৰ্য…

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰবাসীৰ বাবে আন এক সুখবৰ। গুৱাহাটীত নিৰ্মাণ হ’ব আন এখন উৰণীয়া সেতু। জুৰোডত এই নতুন উৰণীয়া সেতুখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। এই উৰণীয়া সেতুখন নিৰ্মাণৰ লগে লগে জু-ৰোডৰ যানযটৰ সমস্যা বহু পৰিমাণে হ্ৰাস হ’ব বুলি ধাৰণা কৰা হৈছে।

উল্লেখ্য যে দুটা লেনৰ এই উৰণীয়া সেতুখন নিৰ্মাণৰ বাবে ১৮ মাহ সময় নিৰ্ধাৰণ কৰা হৈছে। এই উৰণীয়া সেতুখনে উষা কোৰ্টৰ সমীপৰ পৰা উদয় পথৰ নামঘৰৰ সমীপলৈ সংযোগ কৰিব। উৰণীয়া সেতুখন নিৰ্মাৰ বাবে এ ডি কনষ্ট্ৰাকচন নামৰ এটা প্ৰতিষ্ঠানে দায়িত্ব লাভ কৰিছে।