ৰাজ্যত প্ৰযোজ্য হ’ব নতুন ভাষা নীতিঃ জনজাতীয় ভাষাটো অধ্যয়ন কৰিব পাৰিব শিক্ষাৰ্থীয়ে

ৰাজ্যত প্ৰযোজ্য হ’ব নতুন ভাষা নীতিঃ জনজাতীয় ভাষাটো অধ্যয়ন কৰিব পাৰিব শিক্ষাৰ্থীয়ে
  • অসম বিধানসভাত ৰাজ্য চৰাকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা।
  • পঞ্চম শ্ৰেণীলৈকে আহিব নতুন ভাষা নীতি।
  • আগন্তুক শিক্ষাবৰ্ষৰ পৰা প্ৰযোজ্য হ'ব এই নতুন ভাষা নীতি।
  • পঞ্চম শ্ৰেণীলৈকে নিজৰ মাতৃ ভাষাৰ অধ্যয়নৰ সুবিধা লাভ কৰিব শিক্ষাৰ্থীয়ে।
  • মাতৃ ভাষাত অধ্যয়নৰ সুবিধা নথকা শিক্ষাৰ্থীৰ বাবে লোৱা হৈছে এই ব্যৱস্থা।
  • এইসকলক শিক্ষাৰ্থীৰ বাবে ৫০ নম্বৰৰ এক বিশেষ ভাষা অধ্যয়নৰ ব্যৱস্থা কৰা হ'ব।
  • বিগত দিনত অসম সাহিত্য সভা আৰু বিভিন্ন জনজাতীয় সাহিত্য সভাৰ লগত আলোচনাত লিপ্ত হৈ এক ভাষা নীতি গ্ৰহণ কৰা হৈছিল।
  • সেই ভাষা নীতিৰ অধিসূচনাও ইতিমধ্য জাৰি হৈছে।
  • ভাষা নীতিৰ অধীনত যিসমূহ জনজাতীয় ভাষা মাধ্যম নহয়, সেই সমূহ ভাষাটো যাতে শিক্ষা লাভ কৰিব পাৰে তাৰ কাৰণে এই নীতি গ্ৰহণ।
  • যিসকল ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ে তেওঁলোকৰ প্ৰথম ভাষা অসমীয়া, দ্বিতীয় ভাষা ইংৰাজী।
  • তৃতীয় ভাষা পূৰ্বে আছিল হিন্দী। যাৰ নম্বৰ আছিল ১০০।
  • এই ১০০ নম্বৰৰ ভিতৰত ৫০ নম্বৰ হিন্দী আৰু ৫০ নম্বৰ জনজাতীয় ভাষাৰ অধ্যয়নৰ বাবে ভাগ কৰা হৈছে।
  • অৰ্থাত হিন্দীৰ উপৰিও যি ৫০ নম্বৰৰ তৃতীয় ভাষা থাকিব সেই ভাষা তিৱা, ৰাভা, মিচিং আদিৰ দৰে জনজাতীয় ভাষা অধ্যয়ৰ বাবে থাকিব।
  • বড়ো মাধ্যমৰ বিদ্যালয়তো এই নীতি প্ৰযোজ্য হ'ব।
  • বড়ো মাধ্যমৰ বিদ্যালয়ৰ ক্ষেত্ৰত তৃতীয় ভাষা হিন্দীৰ সৈতে ভাগ কৰা হ'ব অসমীয়া ভাষা।
  • অৰ্থাত বড়ো মাধ্যমৰ বিদ্যালয়ত প্ৰথম ভাষা বড়ো, দ্বিতীয় ইংৰাজী, তৃতীয় হিন্দীৰ সৈতে অসমীয়া আৰু ইয়াৰ অধ্যয়নৰ বাবে থাকিব ৫০ নম্বৰ।
  • অসমীয় ভাষাৰ ছাত্ৰই যদি মিচিং ভাষা বা তেনেধৰণৰ জনজাতীয় ভাষা অধ্যয়ন কৰিব বিচাৰে তেনে ছাত্ৰকো এই সুবিধা প্ৰদান কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in