অসম অধ্যক্ষ পৰিষদৰ উদ্যোগত “নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি-২০ ৰূপায়ন, প্ৰয়োগ আৰু প্ৰত্যাহ্বান” বিষয়ক অধিৱৰ্ত্তন…

অসম অধ্যক্ষ পৰিষদৰ উদ্যোগত “নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি-২০ ৰূপায়ন, প্ৰয়োগ আৰু প্ৰত্যাহ্বান” বিষয়ক অধিৱৰ্ত্তন…

ডিজিটেল ডেস্কঃ শনিবাৰে গুৱাহাটী কমাৰ্চ কলেজত অসম অধ্যক্ষ পৰিষদৰ উদ্যোগত আৰু পৰিষদৰ কামৰূপ মহানগৰ মণ্ডল আৰু গুৱাহাটী কমাৰ্চ কলেজৰ গুণগত মান নিশ্চিত কোষৰ ব্যৱস্থাপনাত"নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ ৰূপায়ন, প্ৰয়োগ আৰু প্ৰত্যাহ্বান" বিষয়ত এখন অভিৱৰ্ত্তন অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ ড০ ভগৱান চন্দ্ৰ লহকৰ প্ৰেক্ষাগৃহত দিনৰ ১১ বজাত অনুষ্ঠিত হয় এই অনুষ্ঠানৰ অধ্যক্ষতা কৰে পৰিষদৰ সভাপতি ড০ শৰৎ বৰকটকীয়ে।

সভাৰ আদৰণি ভাষণ আগৱঢ়াই অসম অধ্যক্ষ পৰিষদৰ সাধাৰণ সম্পাদক ড০ সত্যেন্দ্ৰ নাথ বৰ্মণ আৰু গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষ ড০ হোমেশ্বৰ কলিতাই।আৰম্ভণিতে সন্মানীয় অতিথি হিচাপে উপস্থিত থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ প্ৰতাপজ্যোতি সন্দিকৈয়ে বন্তি প্ৰজ্জ্বলন কৰে।

এই অনুষ্ঠানত অতিথি বক্তা হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ অলক কুমাৰ বৰগোঁহাই। অসমৰ বিভিন্ন জিলাৰ প্ৰায় ৮০ গৰাকী অধ্যক্ষৰ লগতে অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি বিশ্বজিৎ ভূঞাও উপস্থিত থাকে।

ইয়াৰ উপৰিও অনুষ্ঠানটোত কামৰূপ মহানগৰ মণ্ডলৰ সভাপতি ড০ অমৰজ্যোতি শইকীয়া, শিৱসাগৰ কমাৰ্চ কলেজৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্ত, লক্ষীমপুৰ এলটিকে কলেজৰ অধ্যক্ষ ড০ বুবুল কুমাৰ শইকীয়া, গোৱালপাৰা কলেজৰ অধ্যক্ষ ড০ সুভাষ বৰ্মন, হাব্ৰাঘাট কলেজৰ অধ্যক্ষ ড০ মন্টু দাস , তেজপুৰ কলেজৰ অধ্যক্ষ ড০ জ্যোতিকমল হাজৰিকা আৰু জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মনজিৎ গগৈ আদিও উপস্থিত থাকে। প্ৰশ্নোত্তৰ শিতানৰ শেষত শলাগৰ শৰাই আগবঢ়াই অসম অধ্যক্ষ পৰিষদৰ কামৰূপ মহানগৰ মণ্ডলৰ সম্পাদক ড০ হৃষীকেশ বৰুৱাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in