এন এছ চি এন খাপলাঙৰ নিক্কি চুমী গোটৰ সৈতে দিল্লীত কেন্দ্ৰৰ যুদ্ধ বিৰতি চুক্তি….

এন এছ চি এন খাপলাঙৰ নিক্কি চুমী গোটৰ সৈতে দিল্লীত কেন্দ্ৰৰ যুদ্ধ বিৰতি চুক্তি….

ডিজিটেল সংবাদ বেকাজানঃ স্থবিৰ হৈ থকা নগা শান্তি আলোচনাক অধিক তৰান্বিত কৰাৰ উদ্দেশ্য নগা বিদ্ৰোহী সংগঠন এন এছ চি এন খাপলাঙৰ নিক্কি চুমী গোটে ভাৰত চৰকাৰৰ যুদ্ধ বিৰতি স্বাক্ষৰ কৰিবলৈ সোমবাৰে নতুন দিল্লীত উপস্থিত হৈছে । এন এছ চি এনৰ এক শীৰ্ষ সূত্ৰই এই প্ৰতিবেদকক জানিবলৈ দিয়ামতে এন এছ চি এন খাপলাঙৰ ভাৰতীয় গোটৰ নিক্কি চুমীৰ নেতৃত্বৰ এটা দলে চুক্তি স্বাক্ষৰ কৰাৰ উদ্দেশে ইতিমধ্যে দিল্লীত বাহৰ পাতিছে ।

বিদ্ৰোহী গোটৱে নাগালেণ্ডৰ যুদ্ধ বিৰতি চুক্তি নিৰীক্ষণ সমিতিৰ অধ্যক্ষ অমৰজিত সিঙ বেদীৰ উপস্থিতত মংগলবাৰে বা বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালয়ৰ উচ্চ পদস্থ বিষয়াৰ সৈতে যুদ্ধ বিৰতি শান্তি চুক্তি স্বাক্ষৰ কৰিব।উল্লেখযোগ্য যে ২০০১ চনত ভাৰত চৰকাৰৰ সৈতে ম্যানমাৰস্থিত এন এছ চি এন খাপলাঙ গোটে যুদ্ধ বিৰতি চুক্তি কৰিছিল যদিও ২০১৫ চনত তেওঁলোকে একপক্ষীয়ভাৱে যুদ্ধ বিৰতি ভংগ কৰে।লগে লগে ম্যানমাৰ নগা স্বশাসিত ছাগাইঙিৰ গভীৰ অৰণ্যত শিবিৰ পাতি বিদ্ৰোহী গোটোক অধিক শক্তিশালী কৰি মণিপুৰত ২০১৭ চনত সেনাৰ কনভয়ৰ ওপৰত আক্ৰমণ কৰি ১৮ জনকৈ সেনাক নিহত কৰিছিল।

কিন্তু পৰৱৰ্তী সময়ত খাপলাঙৰ গোটৰ মাজত নেতৃত্বতকলৈ এছ এছ খাপলাঙৰ ভতিজাক আঙ য়ুংগৰ লগত সংঘাত সৃষ্টি হোৱাত ২০২০ চনৰ ২৬ ডিচেম্বৰত ম্যানমাৰ ছাগাইঙিত থকা এন এছ চি এন খাপলাঙৰ গোটৰ ভাৰতীয় নগা বিদ্ৰোহী গোটৰ নেতা নিক্কি চুমীৰ নেতৃত্বত শতাধিক সদস্যই ভাৰত চৰকাৰৰ শান্তি প্ৰক্ৰিয়াত যোগ দিয়াৰ উদ্দেশ্যে একপক্ষীয় যুদ্ধ বিৰতি ঘোষণা কৰি নাগালেণ্ডলৈ উভতি আহে।

ইয়াৰ পিছত বিগত এবছৰ ডেজিগনেটে শিবিৰত থকাৰ পিছত আনুষ্ঠানিক যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰ কৰিবলৈ নতুন দিল্লীলৈ ৰাওনা হৈছে। ভাৰত চৰকাৰৰ সৈতে স্বাক্ষৰ হ'ব লগা এই যুদ্ধ বিৰতি চুক্তিৰ সন্দৰ্ভত নিক্কি চুমীয়ে কয়, নগা ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰা আৰু নগা ৰাজনৈতিক সমস্যাটোৰ সন্মানজনক আৰু গ্ৰহণযোগ্য সমাধান বাবে তেওঁৰ গোটে অস্ত্ৰ এৰি এনেদৰে শান্তি প্ৰক্ৰিয়াত যোগ দিছে । আশা কৰোঁ নগা সমস্যাৰ সমাধান হ'ব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in