নতুন দিল্লীত আৰ এন ৰবি আৰু থুইংগালেং মুইভাৰ মাজত পুনৰ নগা শান্তি আলোচনা…

নতুন দিল্লীত আৰ এন ৰবি আৰু থুইংগালেং মুইভাৰ মাজত পুনৰ নগা শান্তি আলোচনা…

ডিজিটেল সংবাদ, ৱখাঃ যোৱা ২৪ অক্টোবৰত নতুন দিল্লীৰ বৈঠকত এন এছ চি এন ইছাক-মুইভা গোটে দাবী কৰা নাগালিমৰ বাবে সুকীয়া পতাকা আৰু সংবিধানৰ বিষয় দুটাৰ মীমাংসা উলিওৱাত ব্যৰ্থ হোৱাৰ পাছত সোমবাৰ আৰু মঙলবাৰে ৰাজধানী নতুন দিল্লীত পুনৰ ৰবি আৰু মুইভাৰ মাজত নগা শান্তি আলোচনা অনুষ্ঠিত হ'ব ।

সোমবাৰে নগা শান্তি আলোচনাত ভাৰত চৰকাৰৰ প্ৰতিনিধিত্ব আৰ এন ৰবি আৰু এন এছ চি এন আই এমৰ মুৰব্বী থুইংগালেং মুইভা, নগা নেচনেল পলিটিকেল গ্ৰুপ, তথা ৱৰ্কিং কমিটীৰ সমন্বয়ক এন কিটভি ঝিমমিয়ে ভাগ ল'ব। এই বৈঠকত ৰবি আৰু এন এছ চি এনৰ সামুহিক নেতৃত্বই মুখ্যত নাগালিমৰ বাবে সুকীয়া পতাকা আৰু সংবিধানৰ দাবীৰ সমাধান কৰিবলৈ প্ৰয়াস কৰিব ।

এই বৈঠকৰ সন্দৰ্ভত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন  ইছাক মুইভা গোটে কৈছে যে-  আজিৰ বৈঠকৰ ফলাফল অতি গুৰুত্বপূৰ্ণ হ'ব কাৰণ দুয়োপক্ষই সুকীয়া পতাকা আৰু সংবিধানৰ বিষয় দুটা শীঘ্ৰে সমাধান হোৱাটো বিচাৰিছে ।

জানিব পৰা মতে ভাৰত চৰকাৰ আৰু এন এছ চি এন আই এমে নাগালিমৰ বাবে সুকীয়া পতাকা আৰু সংবিধান বিষয় দুটাৰ ফলাফল যোগাত্মক কৰিবলৈ দুয়োপক্ষই কঠোৰ পৰিশ্ৰম কৰিছে । আনহাতে ২৯ অক্টোবৰত ৰবিয়ে নগা নেচনেল পলিটিকেল গ্ৰুপ আৰু ৱৰ্কিং কমিটীৰ সৈতে আন এক আলোচনাত মিলিত হ'ব ।  অহা ৩১ অক্টোবৰৰ বৈঠকৰ পিছত তেওঁলোকে নগা চূড়ান্ত চুক্তি স্বাক্ষৰ মডেলিটিৰ কাম কৰিব পাৰিব বুলি আশা কৰিছে । 

অৱশ্যে সুকীয়া পতাকা আৰু সংবিধানৰ দাবী নিস্পত্তি ওপৰতে  এতিয়া ভৱিষ্যতৰ  চূড়ান্ত নগা চুক্তিৰ নিৰ্ভৰ কৰিছে । যদি দুয়োপক্ষই  কিছু এৰাধৰা মাজেৰে অন্তিম বুজাবুজিত উপনিত হয় তেতিয়া হ'লে  নিশ্চয় বিগত ৮দশকজোৰা নগা ৰাজনৈতিক সমস্যা সমাধান হোৱাৰ উপৰিও ২২ বছৰীয়া শান্তি আলোচনা অন্ত পৰা সম্ভাৱনা আছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in