দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ গ’ল ৩৫ গৰাকীকৈ লোকৰ…

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ গ’ল ৩৫ গৰাকীকৈ লোকৰ…

ডিজিটেল ডেস্কঃ দিল্লীৰ ৰাণী ঝান্সী ৰোডৰ অনাজ মন্দী অঞ্চলত দেওবাৰে পুৱতিনিশা সংঘটিত হোৱা অগ্নিকাণ্ডত বৰ্তমানৰ লৈকে নিহত হৈছে প্ৰায় ৩৫ গৰাকীকৈ লোক।

ঘটনাস্থলীৰ পৰা বৰ্তমানৰলৈকে ৫০ গৰাকী লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দল। দিল্লী দুৰ্যোগ প্ৰশমন বিভাগৰ এগৰাকী বিষয়াৰ মতে, পুৱতি নিশা প্ৰায় ৫ বাজি ২২ মিনিটত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। উল্লেখ্য যে, বৰ্তমান এই জুই নিয়ন্ত্ৰণ হৈছে যদিও অগ্নি নিৰ্বাপক বাহিনীৰ ৩০ খন গাড়ী ঘটনাস্থলীত মজুত ৰখা হৈছে।

প্ৰাপ্তখবৰনুসৰি, অনাজ মন্দী অঞ্চলত এটা অট্টালিকাৰ ৬ নং মহলাত সংঘটিত হৈছিল এই অগ্নিকাণ্ড। জুই লগাৰ পাছতে বহুলোক তাতে বন্দী হৈ থাকিব লগা হোৱাৰ বাবে মৃত্যুৰ সংখ্যা বৃদ্ধি পালে বুলি দুৰ্যোগ প্ৰশমন বিভাগে জানিবলৈ দিছে।

মৃত ৩৫ জনৰ ভিতৰত ১৪ জনৰ চিকিৎসালয়ত মৃত্যু হয়। বৰ্তমান ৫০ গৰাকী লোক চিকিৎসাধীন হৈ আছে দিল্লীৰ লোক নায়ক হস্পিতালত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in