ভাল খবৰ : কোভিড প্ৰতিৰোধৰ বাবে আন দুটা ভেকচিনে পালে অনুমোদন, চৰ্ত সাপেক্ষে ব্যৱহাৰ কৰিব পাৰিব ঔষধো….

ভাল খবৰ : কোভিড প্ৰতিৰোধৰ বাবে আন দুটা ভেকচিনে পালে অনুমোদন, চৰ্ত সাপেক্ষে ব্যৱহাৰ কৰিব পাৰিব ঔষধো….

ডিজিটেল ডেস্কঃ দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অমিক্ৰন আক্ৰান্তৰ সংখ্যা। সমান্তৰালকৈ বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। স্বাস্থ্য বিশেষজ্ঞৰ একাংশই দাবী কৰিছে পুনৰ দেশত কোভিডৰ তৃতীয় লহৰ আহিব। অৱশ্যে প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক সম্বোধন কৰি ভয়ৰ কাৰণ নাই বুলি কৈছে। তেওঁ কোভিডৰ তৃতীয় ঢৌ আহিলে দেশে ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰস্তুত বুলি উল্লেখ কৰিছে।

কোভিডৰ বিৰুদ্ধে চলি থকা যুঁজখনত ভেকচিনেই প্ৰধান অস্ত্ৰ বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ লগতে বিশেষজ্ঞই কৈছে। সেই অনুসৰি দেশৰ জনতাক কোভিড ভেকচিন প্ৰদান কৰা হৈছে। ১৮ বছৰৰ উৰ্ধ্বৰ ব্যক্তিসকলক কোভিড ভেকচিন প্ৰদান কৰা হৈছে যদিও ১৮ অনূৰ্ধ্বৰ কিশোৰ-কিশোৰীক এতিয়াও প্ৰদান কৰা হোৱা নাই ভেকচিন। অৱশ্যে ১৮ বছৰ অনূৰ্ধ্বৰ কিশোৰ-কিশোৰীৰ বাবেও কোভিড ভেকচিন প্ৰদানৰ বাবে আগবাঢ়িছে দেশ।

ইয়াৰ মাজতেই আহিছে আন এক ভাল খবৰ। কোভিডৰ প্ৰতিৰোধৰ বাবে বিশেষকৈ অমিক্ৰন প্ৰতিৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নতুনকৈ দুটা ভেকচিন আৰু এটা এণ্টি ভাইৰেল ঔষধ ব্যৱহাৰ কৰাত অনুমোদন জনাইছে। সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই ভেকচিন আৰু এণ্টি ভাইৰেল ঔষধ ব্যৱহাৰত অনুমোদন জনাইছে।

সোমবাৰে অনুষ্ঠিত হোৱা স্বাস্থ্য মন্ত্ৰালয়ৰ এক জৰুৰী বৈঠকত চৰ্তসাপেক্ষে কোৰোনাৰ ভেকচিন কৰ্বেভেক্স আৰু কোভোবেক্সৰ ব্যৱহাৰ কৰিবলৈ অনুমোদন জনাইছে। ইয়াৰ উপৰিও কোৰানাৰ চিকিৎসাৰ বাবে এণ্টি ভাইৰেল ঔষধ হিচাপে মলনুপিৰাভিৰ ব্যৱহাৰ কৰাত চৰ্তসাপেক্ষে অনুমোদন জনাইছে। ইয়াৰ লগে লগে কোভিড বিৰোধী যুঁজখনত দেশৰ স্বাস্থ্য বিভাগে আৰু অধিক শক্তিশালী ভাৱে অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰিলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in