চীনক নতুন প্ৰত্যাহ্বান মোডীৰঃ এয়াৰ কণ্ডিচনাৰ আমদানিতো নিষেধাজ্ঞা…

চীনক নতুন প্ৰত্যাহ্বান মোডীৰঃ এয়াৰ কণ্ডিচনাৰ আমদানিতো নিষেধাজ্ঞা…

ডিজিটেল ডেস্কঃ মোডী চৰকাৰে স্ব-নিৰ্ভৰশীল ভাৰতৰ নিৰ্মাণৰ ক্ষেত্ৰত আন এক পদক্ষেপ গ্ৰহণ কৰে আৰু চীনৰ বাবে গুৰুতৰ বিপৰ্যয়ৰ কাৰণ হৈ উঠিছে। কেন্দ্ৰ চৰকাৰে ঘৰুৱা উৎপাদন বৃদ্ধিৰ বাবে ৰেফ্ৰিজাৰেণ্টৰ লগতে এয়াৰ কণ্ডিচনাৰ (এচি) আমদানি নিষিদ্ধ কৰিছে। মোডী চৰকাৰৰ এই সিদ্ধান্ত চীন চৰকাৰৰ লগতে দেশখনৰ ব্যৱসায়ীসকলক বাৰুকৈয়ে আঘাট কৰিব।

দৰাচলতে, ভাৰতৰ এচি বজাৰ হৈছে প্ৰায় ৪০  হাজাৰ কোটি টকা আৰু ভাৰতে দেশখনৰ প্ৰয়োজনীয়তাৰ অনুসৰি চীনৰ পৰা প্ৰায় ২৮ শতাংশ ইমপোৰ্ট  আমদানি কৰে। বহু ক্ষেত্ৰত, এচিৰ ৮০ পৰা ১০০ অংশ আমদানি কৰা হয় চীনৰ পৰা। অন্যহাতে মুখ্যতঃ চীন আৰু থাইলেণ্ডৰ পৰা দেশখনলৈ এয়াৰ কণ্ডিচনাৰ সমূহ আমদানি কৰা হয়। চৰকাৰী পৰিসংখ্যা অনুসৰি, ভাৰতে দুয়োখন দেশৰ পৰা ৯০ শতাংশ পৰ্যন্ত সামগ্ৰী আমদানি কৰে।

ইয়াৰ পূৰ্বে কেন্দ্ৰ চৰকাৰে জুলাই মাহত টেলিভিচন চেটৰ আমদানি বন্ধ ৰাখিছিল। আনহাতে জুন মাহত চৰকাৰে কাৰ আৰু মটৰচাইকেলত ব্যৱহাৰ হোৱা নতুন নিউমেটিক টায়াৰৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in