চাৰিদিনীয়া এটি শিশু আৰু ২০০০ টকা, শিৱসাগৰত চাঞ্চল্য

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ নগৰত বৃহস্পতিবাৰে পুৱা এটি সদ্যজাতকক লৈ চাঞ্চল্যৰ সৃষ্টি হয়। পিতৃ-মাতৃয়ে নিজৰ সদ্যজাত সন্তানটোক এহাল মাতাল পতি-পত্নীৰ হাতত অৰ্পণ কৰা ঘটনাই অঞ্চলটোত ব্যপক চৰ্চা লাভ কৰে।

জানিব পৰা মতে, শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিত বৃহস্পতিবাৰে পুৱা ধৰ্মেশ্বৰ বৰগোঁহাই আৰু মঞ্জু বৰগোঁহাই নামৰ এহাল পতি-পত্নীৰ হাতত এটি সদ্যজাত কেঁচুৱা দেখি স্থানীয় নিৱাসীসকলৰ মনত সন্দেহ ওপজে।

পেছাত এজন গাড়ীচালক ধৰ্মেশ্বৰৰ আৰু তেওঁৰ পত্নীৰ নিচাগ্ৰস্থ অৱস্থাত থকা সময়ত শিশুটিৰ ক্ৰন্দন শুনি স্থানীয় ৰাইজে আৰক্ষীক খবৰ কৰে। পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পতি-পত্নীহালক সোধপোছ আৰম্ভ কৰে।

ইয়াৰ পিছতে ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটন হয়। ধৰ্মেশ্বৰ বৰগোঁহাইয়ে প্ৰদান কৰা এটা ফোন নম্বৰত ফোন কৰি আৰক্ষীয়ে জানিব পাৰে যে সন্তানটোৰ প্ৰকৃত পিতৃয়ে পত্নীৰ চিকিৎসাজনিত কাৰণত ডিব্ৰুগড়লৈ যাবলগীয়া হোৱাত সন্তানটোৰ চোৱাচিতাৰ দায়িত্ব মঞ্জু বৰগোঁহাই আৰু ধৰ্মেশ্বৰ বৰগোঁহাইক অৰ্পণ কৰিছিল।

তেওঁলোকক সন্তানটো চোৱাচিতাৰ বাবদ নগদ ২০০০ টকা দিয়াৰ লগতে সন্তানটোৰ বাবে কাপোৰ আদি লাগতিয়াল সামগ্ৰী আৰু নিজৰ মোবাইল নম্বৰ দি থৈ যায়। আনহাতে ধৰ্মেশ্বৰ বৰগোঁহাই আৰু কেঁচুৱাটোৰ পিতৃ পূৰ্বৰে পৰাই চিনাকি বুলিও ফোন কলটোৰ পিছত জানিব পৰা যায়।

এই সত্য উদ্ঘাটনৰ পিছতে আৰক্ষীয়ে বে-আইনী ভাৱে এটি চাৰিদিনীয়া সদ্যজাত শিশুৰ চোৱাচিতাৰ দায়িত্ব লোৱা বৰগোঁহাই দম্পত্তিক আটক কৰাৰ লগতে কেঁচুৱাটিৰ চিকিৎসাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। পিছত কেঁচুৱাটোৰ প্ৰকৃত পিতৃ-মাতৃ শিৱসাগৰ সদৰ থানাত উপস্থিত হৈ শিশুটিক উদ্ধাৰ কৰি ঘৰলৈ লৈ যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in